অসম লাইভ ২৪ঃ গ্ল’বেল এপ্ৰুভেল ৰেটিংৰ প্ৰথম স্থানত ভাৰতৰ প্ৰধান মন্ত্ৰী। ৬৬ শতাংশ ৰেটিঙেৰে বিশ্বৰ ১৩ খন দেশৰ প্ৰভাৱশালী নেতাৰ মাজত শীৰ্ষ স্থানত আছে নৰেন্দ্ৰ মোদী। আমেৰিকাৰ ডাটা ইনটেলিজেন্স ফাৰ্মৰ ‘মৰ্ণিং কনচাল্টে’ প্ৰকাশ কৰিছে এই তথ্য। আমেৰিকা, ইংলেণ্ড, ৰাছিয়া, অষ্ট্ৰেলিয়া, কানাডা, ব্ৰাজিল, ফ্ৰান্স, জাৰ্মানীকে ধৰি ১৩খন দেশৰ নেতাৰ মাজত চলোৱা হৈছিল এই সমীক্ষা। বিশ্বৰ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আছে তালিকাৰ পঞ্চম স্থানত। নৰেন্দ্ৰ মোদীৰ পাছত দ্বিতীয় স্থানত আছে ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিয় ড্ৰাঘী আৰু তৃতীয় স্থানত আছে মৰক্কোৰ ৰাষ্ট্ৰপতি লোপেজ অব্ৰে’ডৰ। উল্লেখ্য, ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ৰোধৰ ব্যৰ্থতাই মোদীৰ জনপ্ৰিয়তা কিছু হ্ৰাস পোৱাৰ কথা চৰ্চালৈ আহিছিল যদিও গ্ল’বেল এপ্ৰুভেল ৰেটিংৰ প্ৰথম স্থানত আছে নৰেন্দ্ৰ মোদী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ