অসম লাইভ ২৪ঃ যোধপুৰ আদালতৰ বিচাৰাধীন ছলমান খানৰ কৃষ্ণমৃগ চিকাৰ সন্দৰ্ভত গোচৰৰ শুনানিৰ দিন বৃদ্ধি। ৰাজস্থান হাই ক’ৰ্টৰ যোধপুৰ পীঠে ২৭ এপ্ৰিললৈ বৃদ্ধি কৰে শুনানিৰ দিন। ৩ বছৰ পূৰ্বে, ২০১৮ চনৰ ৮ এপ্ৰিলত কৃষ্ণমৃগ হত্যাৰ গোচৰত ছলমান খানক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰিছিল আদালতে। ইয়াৰ বিপৰীতে সহ অভিনেতা ছেঈফ আলী খান, টাবু, সোনালী বেন্দ্ৰে আৰু নীলমক ৰেহাই দিছিল আদালতে। উল্লেখ্য, যোধপুৰত ১৯৯৮ চনত ‘হাম সাথ সাথ হ্যে’ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত কৃষ্ণমৃগ চিকাৰ সন্দৰ্ভত ৩টাকৈ গোচৰ ৰুজু হৈছিল ছলমান খানৰ বিৰুদ্ধে। Arm act ৰ অধীনতো ১টা গোচৰ ৰুজু হৈছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ