নেটফ্লিক্সত দ্যা গ্ৰেট ইণ্ডিয়ান কপিল শৰ্মা শ্ব’ৰ নতুন চিজনৰ প্ৰথম অতিথি হৈ আহিছিল ছলমান খান৷ তাতেই অনুৰাগীলৈ ছলমানে দিছে এক দুঃখবৰ৷ ৫৯ বছৰ বয়সীয়া অভিনেতাগৰাকীয়ে জনাইছে যে নানান জটিল ৰোগৰ সৈতে যুঁজ কৰি আছে তেওঁ৷ জটিল ৰোগ লৈয়েই কাম কৰি আছে তেওঁ৷
ব্ৰেন এনিউৰিজমৰ দৰে এক বিৰল ৰোগত ভূগিছে ছলমানে৷ তেওঁ কয়, প্ৰতিদিনে মোৰ হাঁঙ ভঙা বিষ৷ মোৰ ট্ৰাইজেমিনেল নিউৰলজিয়া আছে, ব্ৰেইন এনিউৰিজম আঠে আৰু আছে এ ভি মেলফৰমেছন৷ সকলোবোৰৰ মাজতে মই কাম চলাই গৈছো৷ স্বাভাৱিকভাৱেই এই খবৰ পোহৰলৈ অহাৰ পিছত চিন্তা বাঢ়িছে অনুৰাগীমহলৰ৷
চেৰিব্ৰেল এনিউৰিজমৰ আন এক নাম ব্ৰেইন এনিউৰিজম৷ আকৌ ইয়াক ইন্ট্ৰাক্ৰনিয়েল এনিউৰিজমো কোৱা হয়৷ ইয়াত মস্তিষ্কৰ ৰক্তনলীৰ দেৱাললৈ অস্বাভাৱিক দুৰ্বলতা আহে বা ফুলি যায়৷ ই এটা বেলুনৰ দৰে দেখাত যি তেজেৰে পূৰ্ণ হৈ থাকে৷ মস্তিষ্কৰ ৰক্তনলীৰ দুৰ্বলতাৰ কাৰণে ই ফাটিও যাব পাৰে, এই বেলুন ফাটিলেই মস্তিষ্কত ৰক্তক্ষৰণ ঘটে৷ এই ৰক্তক্ষৰণ অত্যন্ত গুৰুতৰ আৰু মৃত্যুৰ কাৰণ পৰ্যন্ত হব পাৰে৷
চিকিৎসকৰ মতে মস্তিষ্কৰ ধমনীৰ দেৱাল পাতল আৰু দুৰ্বল হৈ গলে এনিউৰিজমে দেখা দিব পাৰে৷ বহু সময়ত মস্তিষ্কৰ এনিউৰিজম লৈয়ো জন্মগ্ৰহণ কৰে৷ ই জন্মসূত্ৰে ধমনীৰ দেৱালৰ অস্বাভাৱিকতাৰো কাৰণেও হব পাৰে৷ ধমনীৰ দুৰ্বলতা অবিহনেও অতিৰিক্ত ধূমপান আৰু এলকহলত আসক্তি, উচ্চ ৰক্তচাপ, জেনেটিক ত্ৰুটিও ব্ৰেইন এনিউৰিজমৰ কাৰণ হব পাৰে৷
সাধাৰণতে এনিউৰিজম যিমানদেৰীলৈকে নাফাটে বা ডাঙৰ হৈ নাযায় তেতিয়ালৈকে ধৰা নপৰে৷ স্নায়ু বা টিছুত চাপ সৃষ্টি কৰিলেহে এই লক্ষণে দেখা দিয়ে৷ এনিউৰিজম ফাঁটি গলে কেইবাটাও উপসৰ্গই দেখা দিব পাৰে৷ এইক্ষেত্ৰত আকস্মিক আৰু তীব্ৰ মূৰৰ বিষ, বমি বমি ভাৱ আৰু ডিঙি বিষ শৰীৰত অশান্তিয়ে দেখা দিয়ে৷ এনিউৰিজমৰ আকাৰ, অৱস্থান আৰু ফাটি যোৱাৰ আশংকাৰ ওপৰত চিকিৎসাৰ ধৰণ নিৰ্ভৰ কৰে৷ চিকিৎসাৰ জৰিয়তে এনিউৰিজম সৰু কৰিব পাৰি যাৰ ফলত ফাটি যোৱাৰ আশংকা কমে৷ ইয়াৰোপৰি ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ ঔষধ দিয়া হয়৷ ডাঙৰ হৈ ফাটি গলে এনিউৰিজমৰ অস্ত্ৰোপচাৰ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















