বৰ্তমান লিভাৰৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ অস্বাস্থ্যকৰ খাদ্যভাষ আৰু আধুনিক জীৱনযাত্ৰাৰ কাৰণে বিপুল সংখ্যক মানুহ ফেটি লিভাৰৰ চিকাৰ হৈছে৷ লিভাৰত চৰ্বি জমা হলে লিভাৰৰ কাৰ্যকাৰিতা ব্যাহত হবলৈ আৰম্ভ হয়৷ ই সমগ্ৰ শৰীৰৰ ওপৰত প্ৰভাৱ পেলাই আৰু বহু সমস্যাৰ সৃষ্টি কৰে৷ ফেটি লিভাৰৰ সমস্যা যদি ষ্টেজ ১, ষ্টেজ ২ত থাকে তেন্তে সহজ উপায়েৰে কমোৱা সম্ভৱ হব পাৰে৷
চিকিৎসকৰ মতে ফেটি লিভাৰ কমাবলৈ খাদ্যভাষ নিয়ন্ত্ৰণ কৰা সকলোতকৈ গুৰুত্বপূৰ্ণ৷ লিভাৰত জমা হোৱা চৰ্বি কমাবলৈ কেলৰি গ্ৰহণ কমাব লাগিব৷ উচ্চ ফেট আৰু চেনীযুক্ত খাদ্যৰ পৰা দূৰৈত থকা উচিত৷ ফাষ্ট ফুড, বাৰ্গাৰ, ফ্ৰেঞ্চ ফ্ৰাইৰ দৰে খাদ্যই লিভাৰত চৰ্বি জমা কৰে৷ এই খাদ্যসমূহ এৰাই চলক৷ এইসমূহৰ পৰিবৰ্তে তাজা ফল, সেউজীয়া পাচলি, গোটা শস্য আৰু প্ৰটিন সমৃদ্ধ খাদ্য খোৱা উচিত৷ ভাল খাদ্যই কেৱল লিভাৰকেই সুস্থ নাৰাখে, অতিৰিক্ত চৰ্বিও দূৰ কৰিব পাৰে৷ ফেটি লিভাৰৰ পৰা মুক্তি পাবলৈ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক৷
সপ্তাহত এদিন বা দুদিন উপবাস কৰিলেও শৰীৰৰ ভিতৰত জমা থকা মলি বাহিৰলৈ ওলাই আহিবলৈ আৰম্ভ কৰে যিয়ে লিভাৰৰ ওপৰত চাপ কমায় আৰু কাৰ্যকাৰিতা উন্নত কৰে৷ লিভাৰত জমা থকা চৰ্বি কমোৱাৰ ই এক প্ৰাকৃতিক উপায়৷ উপবাসৰ সময়ত মনত ৰখা প্ৰয়োজন যে শৰীৰত পৰ্যাপ্ত পানী আৰু পুষ্টি উপাদায় লাভ কৰাটো জৰুৰী৷
এই প্ৰক্ৰিয়া ধীৰে ধীৰে আৰম্ভ কৰক আৰু এটা কথাত লক্ষ্য ৰাখিব যে শৰীৰৰ যাতে কোনো ক্ষতি নহয়৷ উপবাসে লিভাৰক বিষমুক্ত কৰাত সহায় কৰে৷ সপ্তাহত এদিন উপবাস কৰিলে সামগ্ৰিক স্বাস্থ্যৰ উন্নতি হয়৷
লিভাৰৰ চৰ্বি কমোৱাৰ বাবে ব্যায়ামো এক সহয় উপায়৷ প্ৰতিদিনে ৩০-৪০ মিনিট দৌৰা, সাঁতোৰা, জগিং কৰাৰ দৰে কাৰ্ডিঅ’ ৱাৰ্কআউট লিভাৰৰ বাবে উপকাৰী৷ ই শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰে আৰু লিভাৰে আৰু ভালধৰণে অক্সিজেন আৰু পুষ্টি গ্ৰহণ কৰে৷ প্ৰতিদিনে ব্যায়াম কৰিলে শৰীৰত চৰ্বি কমি যায় যি লিভাৰত জমা হৈ থাকে সেই চৰ্বিও কমে৷
এলক’হল আৰু ধূমপানে লিভাৰৰ মাৰাত্মক ক্ষতি কৰিব পাৰে৷ লিভাৰত জমা থকা চৰ্বি দূৰ কৰিবলৈ এলক’হল আৰু ছিগাৰেটৰ পৰা সম্পূৰ্ণৰূপে দূৰৈত থাক উচিত৷ লিভাৰত চৰ্বি জমাৰ প্ৰধান কাৰণ হৈছে এলক’হল, অন্যহাতে ধূমপানেও লিভাৰৰ কাৰ্যকাৰিতাক প্ৰভাৱিত কৰে৷ লিভাৰত জমা থকা চৰ্বি যদি কমাব খোজে তেন্তে এলকহল আৰু ধূমপান এৰাই চলক৷
লিভাৰৰ স্বাস্থ্যৰ বাবে পানী পান কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ প্ৰতিদিনে পৰ্যাপ্ত পানী পান কৰিলে লিভাৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হয়৷ ই লিভাৰৰ প্ৰাকৃতিক ডিটক্স প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে৷ দিনত কমপক্ষেও ৮-১০ গ্লাছ পানী পান কৰা উচিত৷ ই শৰীৰক হাইড্ৰেটেড ৰাখে আৰু লিভাৰকো সুস্থ ৰাখে৷ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্যই লিভাৰক সুস্থ ৰখাৰ বাবে খুবেই উপকাৰী৷ আঙুৰ, নেমু, কমলা, গাজৰ আৰু পালেং শাক লিভাৰৰ বাবে খুবেই ভাল বুলি কোৱা হয়৷ এই খাদ্যসমূহত থকা এণ্টিঅক্সিডেণ্টে লিভাৰক ফ্ৰি ৰেডিকেলৰ পৰা ৰক্ষা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ