অলপতে অভিনেতা বিকি কৌশলৰ সৈতে বিবাহত আৱদ্ধ হ’লেও বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেণ্টাইন দে’ৰ সময়ত প্ৰাক্তন প্ৰেমিক চলমান খানৰ সৈতে সময় কটাব বলিউদৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফে৷
উল্লেখ্য কিছু মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা কেটৰিনা কাইফে প্ৰাক্তন প্ৰেমিক চলমান খানক বিবাহলৈ নিমন্ত্ৰণ নকৰাকলৈ সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছিল৷
কিন্তু, এইবাৰ বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেইন্টাইন দে’ৰ সময়ত কেটৰিনাই প্ৰাক্তন চলমান খানৰ সৈতে সময় অতিবাহিত কৰিব বুলি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷
কিয় এই চৰ্চা লাভ কৰিছে? অনুৰাগীসকলে ভবাৰ দৰে কেটৰিনাৰ বৈবাহিক জীৱনক ভেটা দিবলৈ প্ৰাক্তন প্ৰেমিক চলমান খানে ভেলেইণ্টাইন দে’ৰ সময়ত কেটৰিনাৰ লগত থাকিব খোজা নাই৷
আচলতে যশৰাজ ফিল্মছ ষ্টু়ডিঅ’ৰ এখন বিশেষ চিনেমা শ্বুটিঙৰ বাবেহে দুয়ো ভেলেইণ্টাইন ডে’ৰ সময়ত একেলগে ব্যস্ত থাকিব৷
শ্বুটিং আৰম্ভ হ’বলগীয়া চিনেমাখন হৈছে ‘টাইগাৰ ৩’৷ জানিব পৰা মতে চিনেমাখনৰ কিছু দৃশ্যৰ শ্বুটিঙ মুম্বাইতে হ’ব আৰু তাৰ বাবে ইউনিটটো সাজু কৰি তোলা হৈছে৷
মুম্বাইৰ দৃশ্যবোৰ শ্বুটিং হোৱাৰ পিছতে অহা ১৩ ফেব্ৰুাৰিৰ পৰা চিনেমাখনৰ শ্বুটিং দিল্লীত হোৱাৰ কথা৷ সেয়ে চলিত বৰ্ষৰ অৰ্থাৎ বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেণ্টাইন দে’ প্ৰাক্তন প্ৰেমিক চলমান খানৰ সৈতে সময় অতিবাহিত কৰিব লাগিব কেটৰিনা কাইফে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ