অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ লকডাউন৷ গৃহবন্দী৷ বন্ধ দোকান-বজাৰ৷ বন্দ্বিত্বৰ জীৱনে বঢ়াইছে চুলি৷ অনেকৰে দাঢ়ি-মোচে ভোবোকাৰ ৰূপ লৈছে৷ দিন গৈ আছে৷ সেয়েহে পৰিস্থিতিত পৰি ঠায়ে ঠায়ে খোলা হৈছে বজাৰ-সমাৰ৷ খুলিছে চেলুন৷ দীর্ঘদিনৰ পাছত খোলাৰ বাবে দীঘলীয়া শাৰী দেখা গৈছে বহু চেলুনত৷
চৰকাৰৰ চিন্তা ইয়াতেই৷ বিশেষজ্ঞই সকীয়াই দিছে স্বাস্থ্যবিধি নামানিলে চেলুনৰ পৰাই ভয়ংকৰ সংক্ৰমণ ঘটিব পাৰে৷ বিশেষজ্ঞৰ এই সকীয়নিৰ পাছতেই বিশেষভাৱ তৎপৰ হৈছে তামিলনাডু চৰকাৰ৷
চৰকাৰী বিজ্ঞপ্তিত সেয়েহে কোৱা হৈছে চুলি কাটিবলৈ গ’লে আধাৰ কার্ড বাধ্যতামূলক৷ একেদৰে চেলুনৰ মালিকসকলকো নির্দেশ দিয়া হৈছে চুলি-দাঢ়ি কাটিবলৈ যোৱা গ্ৰাহকৰ নাম, ফোন নম্বৰ আৰু আধাৰ কার্ডৰ নম্বৰ লিখি ৰাখিবলৈ৷ নির্দেশ অমান্য হ’লে চেলুনৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ