বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শাওন মাহ আৰম্ভ হ’ব ১৭ জুলাইৰ পৰা৷ এই শাওন মাহত ৭২ বছৰৰ পাছত একেলগে ৪ গ্ৰহই বক্ৰী চলনত গতি কৰিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ শাওনত ৪ গ্ৰহৰ বক্ৰী চলনৰ ফলত বহু ৰাশিৰ জাতক জাতিকাই জীৱনত সুফল পাব পাৰে৷ জ্যোতিষ গণনা অনুসৰি শাওনত বুধ, শনি, কেতু, ৰাহুৰ সৈতে একেলগে ওলোটা গতিত যাত্ৰা কৰিব৷ তাৰফলত বহু ৰাশিৰ জাতক জাতিকাই লাভ পাব৷ লাকী ৰাশিৰ তালিকাত কোন কোন আছে?
কৰ্কট ৰাশি
চাৰি গ্ৰহৰ বক্ৰী হোৱাত একাধিক ৰাশিৰ জাতক জাতিকা খুবেই লাভদায়ী প্ৰমাণিত হব পাৰে৷ বিবাহিতসকলৰ বাবে এই সময়ত দাম্পত্য সুখ ভালে থাকিব৷ অবিবাহিতসকলে বিবাহৰ কোনো প্ৰস্তাৱ পাব পাৰে৷ সামাজিক আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন উচ্চতা পাব৷ ব্যৱসায়িক দিশৰ পৰা নানান ধৰণৰ লাভ আহিব৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ এই সময়ত ধন সঞ্চয় কৰিব পাৰে৷ বহু ধৰণৰ ইচ্ছা পূৰণ হব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ ওলোটা গতিয়ে আপোনাৰ বাবে ইতিবাচক খবৰ আনিব৷ আপোনাৰ আয় হু হুকৈ বৃদ্ধি পাব৷ পদোন্নতি আৰু ধন বৃদ্ধি হব পাৰে৷ আপোনাৰ সম্পৰ্কৰ দিশৰ পৰাও এই সময় বেছ লাভদায়ী৷ কোনো সম্পৰ্ক আৰম্ভ কৰাৰ বাবে এই সময় বেছ অনুকূল থাকিব৷ পূৰ্বতকৈ সম্পৰ্ক ভাল হব৷ ব্যৱসায়িক অংশীদাৰিত্ব লাভ হব৷ বিবাহিত জীৱন পূৰ্বতকৈ ভাল হব৷ আপুনি এই সময়ত সমাজত জনপ্ৰিয়তা লাভ কৰিব৷ এই সময়ত মান সন্মান আৰু প্ৰতিষ্ঠা প্ৰাপ্ত হব৷
মীন ৰাশি
এই সময়ত নতুন কোনো পৰিকল্পনা আৰম্ভ কৰাৰ বাবে ভাল সময়৷ কোনো দীৰ্ঘ ঋণৰ পৰা মুক্তি পাব এইবাৰ৷ কোনো নতুন পৰিকল্পনাই আপোনাক লাভ দিব৷ প্ৰেম জীৱনত মাধুৰ্য আহিব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব৷ ব্যৱসায়ত বিস্তাৰ আৰু আৰ্থিক লাভ আহিব৷ যিসকলে চাকৰি বিচাৰিছে তেওঁলোকে ভাল চাকৰি পাব৷ এই সময়ত আপোনাৰ ইচ্ছা পূৰণ হব পাৰে৷ কামৰ স্থানত প্ৰমোছন বা দায়িত্বপূৰ্ণ কাম কান্ধত আহিব পাৰে৷ ব্যৱসায়ত সাফল্য আহিব৷ সময়ৰ সৈতে সাহস বৃদ্ধি হব পাৰে এই সময়ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















