সঁচাকৈ ছানিয়া মিৰ্জা আৰু মহম্মদ শ্বামীৰ বিবাহ নেকি ! ছানিয়াৰ পিতৃৰ
বিবাহ বিচ্ছেদৰ পিছৰে পৰা অবিৰতভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ছানিয়া মিৰ্জা। এফালে ক্ৰিকেটাৰ স্বামীৰ প্ৰতাৰণা পাহৰি জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা চলাইছে ছানিয়া মিৰ্জাই, আনহাতে ক্ৰিকেটাৰ মহম্মদ শ্বামীৰ সৈতে তেওঁৰ নাম অহৰহ জড়িত হৈ আছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ বিবাহৰ বিষয়ে জল্পনা-কল্পনা কৰি আছে।
অৱশ্যে ছানিয়া মিৰ্জাই বহুবাৰ স্পষ্ট কৰি দিছে যে এতিয়া তেওঁৰ জীৱনত কোনো নাই আৰু তেওঁ কেৱল পুত্ৰৰ লগত সুখী হ’ব বিচাৰে। পাছে ছানিৰ বহু অনুৰাগীয়েছানিয়াৰ এই কথা মানি ল’বলৈ ভাল পোৱা নাই, ছানিয়াক অকলে থাকিবলৈ দিব নিবিচাৰে।
যাৰ বাবে ছানিয়াৰ সৈতে নাম ওলাইছে ভাৰতীয় ক্ৰিকেটাৰ, যাৰো বিবাহবিচ্ছেদ হৈছে মহম্মদ শ্বামী। দুয়োৰে বিয়া হ’ব বুলি প্ৰতিদিনে এনে উৰাবাতৰি বিয়পাই আছে। এনে উৰাবাতৰিৰ ফলত অতিষ্ট হৈ দুই তাৰকৈই মাত নিদিলেও ছানিয়াৰ পিতৃয়ে সমুখলৈ আহি মান মাতিছে।
ছানিয়াৰ পিতৃয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰাক্তন স্বামী শ্বোৱেইব মালিকৰ পৰা ছানিয়াৰ বিচ্ছেদৰ পিছত মহম্মদ শ্বামীৰ সৈতে যোৰ কৰা কথাৰ কোনো সত্যতা নাই। আনকি আজিলৈকে ছানিয়াই ক্ৰিকেটাৰ মহম্মদ শ্বামীক লগেই পোৱা নাই। সেয়ে এনেধৰণৰ উৰাবাতৰি বিয়পাই নিদিবলৈ আহ্বান সংবাদমাধ্যক।
উল্লেখ্য যে, সদ্যহতে দৰা-কইনাৰ ৰূপত ছানিয়া আৰু মহম্মদ শ্বামীৰ ফটো কোনোৱো সম্পাদনা কৰি একাংশ লোকে ভাইৰেল কৰি দিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ