অসম লাইভ ২৪ঃঅৰ্থনৈতিক বিনিয়োগ সংক্ৰান্তীয় গোচৰসমূহ চলিত বৰ্ষতে নিষ্পত্তি কৰাৰ চিন্তা-চৰ্চা চলাইছে দেশৰ অনুসন্ধানকাৰী সংস্থা CBI-এ । সেই মৰ্মে ৮২টাকৈ পতিত গোচৰ ৰুজু কৰিবলৈ প্ৰস্তুত হৈছে। সংস্থাটোৰ মুখ্য সঞ্চালকে প্ৰকাশ কৰা অনুসৰি এজাহাৰৰ ভিত্তিত অনুসন্ধান চলোৱা হ’ব পতিত গোচৰসমূহৰ । সাৰদা কেলেংকাৰিৰ চূড়ান্ত চাৰ্জশ্বীটৰ দিল্লীলৈ এক খচৰা প্ৰেৰণ কৰিছে CBI-এ। সাৰদাৰ উপৰি ৰ’জ ভেলী, প্ৰয়াগ, আইকোৰ আদিৰ তদন্ত প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে। ২০২০চনৰ শেষৰফালে এই বিবাদসমূহৰ চাৰ্জশ্বীট দাখিল কৰাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ উঠিছে।
উল্লেখ্য যে, ২০১৪চনত CIDয়ে সাৰদা সন্দৰ্ভত ৩৯৩টাকৈ অভিযোগ দাখিল কৰিছিল CBIক। ইয়াৰ ভিতৰত ৭৮টা অভিযোগৰ তদন্ত প্ৰায় শেষ হৈছে। কেইবাখনো চাৰ্জশ্বীট দাখিল কৰিছে CBIয়ে। অনুসন্ধানকাৰী সংস্থাটোৰ মতে- ‘সাৰদাৰ তদন্ত শেষ হৈছে। চূড়ান্ত চাৰ্জশ্বীটৰ এখন খচৰা দিল্লীলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসাৰে ২০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিবলৈ অনুমতি বিচৰা হৈছে। যদি এই অনুমতি লাভ কৰে, তেন্তে সেই প্ৰভাৱশালী ব্যক্তিসকলৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰা হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ