বছৰৰ আৰম্ভণিতে সৰস্বতী পূজা৷ ঘৰে ঘৰে পূজিত হ’ব বাগদেৱী৷ জ্ঞান, বুদ্ধি, বিদ্যা আৰু শিল্পকলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ কৃপাত জাতকে শিক্ষা আৰু শিল্পত বিশেষ উন্নতি কৰিব পাৰে৷ এই বছৰ ২৩ জানুৱাৰীত সৰস্বতী পূজা পালন কৰা হয়৷ সৰস্বতী পূজাৰ পূৰ্বে জানি থওক কোন কোন ৰাশিৰ জাতক সৰস্বতীৰ প্ৰিয় হয়৷ জ্যোতিষ গণনা অনুসৰি চাৰি ৰাশিৰ জাতকৰ ওপৰত সৰস্বতীৰ বিশেষ কৃপা থাকে৷ বিদ্যা বুদ্ধিত এওঁলোক শীৰ্ষত থাকে৷ জানি থওক কোন ৪ৰাশিৰ জাতক দেৱী সৰস্বতীৰ বিশেষ প্ৰিয়?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ ওপৰত বিশেষ কৃপা থাকে দেৱী সৰস্বতীৰ৷ বাগদেৱীৰ আশীৰ্বাদৰ সৈতে নিজৰ পৰিশ্ৰম আৰু ইচ্ছাশক্তিৰ জোৰত জ্ঞান-বুদ্ধিত অন্যক হৰুৱাই সহজেই আগুৱাই যায় মেষ ৰাশিৰ জাতক৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙ্গল৷ নিজৰ খং আৰু কথা নিয়ন্ত্ৰণত ৰাখিলে জীৱনত বহু উন্নতি কৰিব পাৰে এওঁলোকে৷
বৃষ ৰাশি
বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ লক্ষ্মীৰ ওপৰিও এই ৰাশিৰ জাতক সৰস্বতীৰ প্ৰিয় হয়৷ এওঁলোক অত্যন্ত পৰিশ্ৰমী আৰু এবাৰ যি কৰিম বুলি ঠিক কৰিছে সেয়া কৰি দেখুৱাই৷ সৰস্বতীৰ কৃপাত এওঁলোকে শিক্ষা আৰু বুদ্ধিৰে অন্যতকৈ পৃথক হয়৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ সৰস্বতীয়ে এই ৰাশিৰ ওপৰত আশীৰ্বাদ বৰ্ষণ কৰে৷ সৰস্বতীৰ আশীৰ্বাদত সহজেই সকলো দিশত আগুৱাই যায় তেওঁলোক৷ শিল্পক্ষেত্ৰত নিজৰ ছাপ ৰাখিব পাৰে এই ৰাশিৰ জাতকে৷
মিথুন ৰাশি
সৰস্বতীৰ কৃপাদৃষ্টি পাই ধন্য হয় মিথুন ৰাশিৰ জাতক৷ এই ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ জ্ঞান, বুদ্ধি, শিক্ষা আৰু শিল্পত সকলো সময়তে বৃহৎ সাফল্য লাভ কৰিব পাৰে৷ এওঁলোকৰ বাচন ক্ষমতা চকুত লগা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















