১৮ অক্টোবৰ ২০২৫ শনিবাৰে চন্দ্ৰই সিংহ ৰাশি এৰি কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ কাতিৰ কৃষ্ণা দ্বাদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ব্ৰহ্মা যোগ আৰু ইন্দ্ৰ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ১৮ অক্টোবৰ জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আপুনি সাহস, আত্মবিশ্বাস আৰু ধৈৰ্য্য তুংগত থাকিব৷ শত্ৰুৱে কাইলৈ বৃষ ৰাশিৰ জাতকৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিব৷ জনসেৱামূলক কামতো কাইলৈ অংশ ল’ব আপুনি৷ চাকৰিৰ চেষ্টা কৰিলে কাইলৈ কোনো বন্ধুৰ সহায়ত ভাল চাকৰি পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷
সিংহ ৰাশি
কাইলৈ ১৮ অক্টোবৰ ধনতেৰছত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ৷ লক্ষ্মীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব৷ সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈৰ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখ আৰু প্ৰেম বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক কাষত পাব৷ সিংহ ৰাশিৰ জাতকৰ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷
তুলা ৰাশি
কাইলৈ শনিৰ কৃপাত সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ প্ৰচুৰ আনন্দ আপুনি উপলব্ধি কৰিব পাৰিব৷ ঘৰ বা বাহন ক্ৰয়ৰ দীৰ্ঘদিনৰ ইচ্ছা থাকিলে কাইলৈ পূৰণ হ’ব পাৰে৷ পেছাগত জীৱনত কিছু শুভ পৰিবৰ্তন আহিব পাৰে৷ পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
ধনু ৰাশি
ইন্দ্ৰ যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷ সকলো কামতেই প্ৰচুৰ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে সময় কটাব৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে কাইলৈ চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ অফিচত সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক তৈয়াৰ হ’ব৷
মীন ৰাশি
কাইলৈ ব্ৰহ্মা যোগৰ শুভ প্ৰভাৱত মা লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষিত হ’ব মীন ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰ আকৰ্ষণীয় হৈ উঠিব৷ ইয়াৰ ফলত সকলোৰে সৈতে সু সম্পৰ্ক বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ৷ কৰ্মক্ষেত্ৰত লাভৱান হ’ব৷ আৰ্থিকভাৱে লাভ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















