পোষ্ট অফিচ কেৱল চিঠি পঠিওৱা মাধ্যমেই নহয়৷ বৰং বিনিয়োগৰ বাবেও বহু বিকল্প আছে৷ ইয়াৰ মাজত এক বিশেষ স্কিম আছে৷ মাত্ৰ ২২২ টকা বিনিয়োগ কৰি ১১ লাখ টকাৰ ফাণ্ড তৈয়াৰ কৰিব পাৰে৷ ইয়াৰ বাবে হিচাপ জানি থোৱা জৰুৰী৷
RD স্কিম
পোষ্ট অফিচৰ বিভিন্ন স্কিম সম্পৰ্কে সকলোৱে জানে৷ ইয়াৰ মাজতেই এটা হৈছে ৰেকাৰিং ডিপোজিট৷ যাতে প্ৰতিদিনে মাত্ৰ ২২২ টকা সাশ্ৰয় কৰি ১.১ মিলিয়নৰ এক ফাণ্ড তৈয়াৰ কৰিব পাৰে৷ এই প্ৰকল্পটো চৰকাৰী গেৰাণ্টিসহ অৰ্থ সম্পূৰ্ণ নিৰাপদ৷ পোষ্ট অফিচৰ আৰ ডি স্কিমত প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ জমা কৰিব পাৰে৷ যদি প্ৰতিদিনে ২২২ টকা সঞ্চয় কৰে তেন্তে মাহত হয় ৬,৬৬০ টকা৷ পাঁচ বছৰত হয় মুঠ ৩৯৯৬০০ টকা৷ এই পৰিমানৰ অৰ্থত বাৰ্ষিক ৬.৭শতাংশ বাৰ্ষিক সুদ প্ৰদান কৰিব যি প্ৰতি তিনি মাহৰ অন্তত চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পাব৷ ইয়াৰ অৰ্থ হৈছে সুদৰ ওপৰত সুদ৷
৫ বছৰৰ পাছত কিমান টকা পাব?
এইক্ষেত্ৰত ৫ বছৰৰ পাছত আপুনি পাব ৪,৭৫, ২৯৭ টকা৷ যদি এই বিনিয়োগ আৰু ৫ বছৰ অৰ্থাৎ মুঠ ১০ বছৰ ধৰি চলোৱা হয় তেতিয়া বিনিয়োগ বাঢ়ি হ’ব ৭৯৯,২০০ টকা৷ মুঠ পৰিমাণ বাঢ়ি হ’ব ১১৩৭,৮৯১ টকা৷ এইদৰে ১০ বছৰ পাছত ১১ লাখ টকা পাব৷ মাত্ৰ ২২২ টকাৰ এটা সৰু দৈনিক সঞ্চয় দিয়েই এক ডাঙৰ ফাণ্ড তৈয়াৰ কৰিব পাৰে৷
এই স্কিমৰ সুবিধা কি?
এই স্কিমৰ সকলোতকৈ ভাল দিশ হৈছে আৰম্ভ কৰাৰ বাবে বহু বেছি ধনৰ প্ৰয়োজন নহয়৷ প্ৰতিমাহে মাত্ৰ ১০০ টকাৰেই এই স্কিম আৰম্ভ কৰিব পাৰে৷ এই স্কিমৰ সুবিধা হৈছে সকলো বয়সৰ মানুহৰ বাবে উন্মুক্ত৷ তৰুণ, বৃদ্ধ অথৱা কোনো শিশুৰ বাবেও একাউণ্ট খুলিব পাৰে৷
ছিংগল অথৱা জয়েণ্ট একাউণ্টো খুলিব পাৰে৷ যদি ধনৰ প্ৰয়োজন হয় তেতিয়া তিনি বছৰৰ পাছত একাউণ্টটো বন্ধ কৰিও দিব পাৰে৷ ইয়াৰোপৰি যদি এবছৰ ধৰি ধাৰাবাহিকভাৱে ধন জমা কৰি থাকে তেন্তে ৫০ শতাংশ পৰ্যন্ত ঋণো পাব পাৰে৷ এই ঋণৰ বাবে কেৱল মাত্ৰ অতিৰিক্ত ২ শতাংশ সুদৰ প্ৰয়োজন হয়৷ যি প্ৰয়োজনৰ সময়ত এক উল্লেখযোগ্য সহায়তা হ’ব পাৰে৷
নমিনিৰ বিকল্প আছে
এই স্কিমত নমিনিৰো বিকল্প আছে৷ কোনো অপ্ৰত্যাশিত ঘটনাৰ ক্ষেত্ৰত নমিনিয়ে একাউণ্টটো দাবী কৰিব বা চলাইয়ো যাব পাৰে৷ স্কিমৰ ম্যাদ ৫ বছৰ, কিন্তু ইয়াক আকৌ ৫ বছৰলৈ আপুনি বঢ়াই দিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















