বৈদিক শাস্ত্ৰমতে প্ৰত্যেক মাহত একাধিক গ্ৰহৰ অৱস্থান পৰিবৰ্তন হৈ থাকে৷ যিয়ে ১২ ৰাশিৰ জীৱনত শুভ কিংবা অশুভ প্ৰভাৱ পেলাব৷ শীঘ্ৰেই সূৰ্যৰ গোচৰে চাৰি ৰাশিৰ জীৱনত নেতিবাচক সলনি আনিব পাৰে৷ জ্যোতিষশাস্ত্ৰত সূৰ্যৰ গুৰুত্ব অপৰিসীম৷ সৌৰজগতৰ ৰজা সূৰ্যৰ স্থান পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰে৷ ৯গ্ৰহৰ মাজত সূৰ্যই ১২ বাৰ ৰাশি পৰিবৰ্তন কৰে৷ প্ৰতিটো ৰাশিত মুঠ এমাহ ধৰি অৱস্থান কৰে সূৰ্যই৷ সেই হিচাপত ১২ ৰাশি চক্ৰই এবাৰ প্ৰদক্ষিণ কৰি আহিবলৈ সূৰ্যৰ ১২ মাহ সময় লাগে৷ আকৌ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নক্ষত্ৰও পৰিবৰ্তন কৰে সূৰ্যই৷
দীপাৱলিৰ পূৰ্বে সূৰ্যই কন্যা ৰাশিৰ পৰা তুলা ৰাশিত গমন কৰিব৷ আগন্তুক ২০ অক্টোবৰত দীপাৱলি৷ তাৰ পূৰ্বে আজি অৰ্থাৎ ১৮ তাৰিখে ধনতেৰছ৷ তাৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ ১৭ অক্টোবৰত সূৰ্যৰ গতি পৰিবৰ্তন হ’ব৷ সূৰ্যৰ তুলা ৰাশিত গোচৰে কিছু ৰাশিৰ জীৱনত দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে৷ কোন কোন সতৰ্ক নহলে বিপদত পৰিব?
মেষ ৰাশি
সূৰ্যৰ প্ৰভাৱত মেষ ৰাশিৰ দুঃসময় আহিব পাৰে৷ এই সময়ত খং নিয়ন্ত্ৰণ কৰক৷ অন্যথা বিবাদত সোমাই পৰিব পাৰে৷ হঠাৎ কাকোৱেই বিশ্বাস নকৰিব৷ আৰ্থিক সংকটত সোমাই পৰাৰ আশংকা আছে৷ খাদ্যভাষ ঠিকে নাৰাখিলে ৰোগত ভূগিব পাৰে৷ খুব কাষৰ কোনোবাই বিশ্বাসঘাতকতা কৰিব পাৰে৷ জীৱনৰ প্ৰতিটো পদত সতৰ্ক থাকক৷ আত্মবিশ্বাস দুৰ্বল থাকিব৷ কোনো ষড়যন্ত্ৰত মান-সন্মানত আঘাত লাগিব পাৰে৷
মিথুন ৰাশি
সূৰ্যই ঘৰ সলনি কৰি মিথুন ৰাশিৰ জীৱন দুৰ্বিষহ কৰি তুলিব৷ কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব৷ চাকৰিত অৰ্থ আৰু পদ উভয়েই হেৰুৱাব পাৰে৷ অফিচত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্কৰ তিক্ততা আহিব পাৰে৷ আৰ্থিক সমস্যাত পৰিব৷ সম্পত্তি সংক্ৰান্তিয় জটিলতাত পৰিব পাৰে৷
কৰ্কট ৰাশি
তুলা ৰাশিৰ সূৰ্যৰ গমনত পদে পদে চেলেঞ্জৰ মুখত পৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাই৷ অসাবধান হলে অৰ্থ হেৰুৱাব পাৰে৷ অফিচত গুৰুত্বপূৰ্ণ দায়িত্ব হেৰুৱাৰ ভয় আছে৷ কামত মনসংযোগ ব্যাঘাত ঘটিব পাৰে৷ সামান্য কাৰণত কৰ্মক্ষেত্ৰত জটিলতা বাঢ়িব পাৰে৷ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক৷ দীৰ্ঘস্থায়ী ৰোগত ভুগিব পাৰে৷ পেটৰ সমস্যাত ভুগিব পাৰে৷
কন্যা ৰাশি
সূৰ্যৰ অশুভ প্ৰভাৱত হ’ব পাৰে ভয়ংকৰ বিপদ৷ নানান সমস্যাত সোমাই পৰিব পাৰে কন্যা ৰাশিৰ জাতক৷ সংগীৰ সৈতে মতবিৰোধ হ’ব পাৰে৷ সম্পৰ্কত ফাঁট মেলিব পাৰে৷ বিবাহ ভাঙি যোৱাৰ আশংকা আছে৷ সংগীৰ সৈতে ভাৱিচিন্তি কথা কওক৷ মুখৰ কথাৰ বাবে আফচোচ হ’ব পাৰে৷ হাড়ৰ বিষ আৰু ছালৰ সমস্যাত ভূগিব পাৰে৷ মানসিক চাপ বাঢ়িব৷ দুৰ্ঘটনাৰ আশংকা আছে৷ নিজে বাহন চলালে সাবধানে চলাওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















