চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন এতিয়া মিউচুৱেল ফাণ্ডত বিনিয়োগৰ অন্যতম সহজ আৰু শৃঙ্খলাবদ্ধ পদ্ধতি হিচাপে জনপ্ৰিয় হৈ উঠিছে। নিৰ্দিষ্ট মাহিলী অবদানৰ মাধ্যেমেৰে আপুনি সময়ৰ লগে লগে এটা বৃহৎ মূলধন গঢ়ি তুলিব পাৰে। যাৰ পিছত কাম কৰে চক্ৰবৃদ্ধি সুদৰ জাদুৱে। কিন্তু যদি আপুনি প্ৰতি মাহে ৩০,০০০ টকাকৈ ৫ বছৰ বা ১০ বছৰলৈ বিনিয়োগ কৰে তেতিয়া ঠিক কিমান সম্পদ আপুনি গঢ়ি তুলিব পাৰিব?
SIP কেলকুলেটৰ কি?
SIP কেলকুলেটৰ এটা অনলাইন টুল, যিয়ে আপোনাৰ বিনিয়োগৰ ভৱিষ্যৎ মূল্য অনুমান কৰাত সহায় কৰে। মাহিলী বিনিয়োগৰ পৰিমাণ, বিনিয়োগৰ সময়কাল, প্ৰত্যাশিত বাৰ্ষিক ৰিটাৰ্ণ হিচাপ কৰি SIP কেলকুলেটৰে আপোনাক স্পষ্ট কৰি দেখুৱাই। সময়ৰ লগে লগে আপোনাৰ ধন কেনেকৈ বৃদ্ধি পাব আৰু আৰ্থিক পৰিকল্পনা কৰাত সহায় কৰিব।
১. প্ৰতি মাহত ৩০,০০০ টকাকৈ ৫ বছৰৰ বাবে SIP
যদি বাৰ্ষিক প্ৰত্যাশিত ৰিটাৰ্ণ ১২শতাংশকৈ ধৰা হয় তেতিয়া মুঠ বিনিয়োগ হব ১৮ লাখ টকা।
আনুমানিক ভবিষ্যৎ মূল্য হপব ২৪ লাখ ৩৫ হাজাৰ টকা।
সম্পদ বৃদ্ধি ৬.৩৫ লাখ টকা।
যদি বাৰ্ষিক ৰিটাৰ্ণ আৰু ৰক্ষণশীল হৈ ১০ শতাংশ ধৰা হয় তেন্তে আনুমানিক ভবিষ্যৎ মূল্য হব ২৩.২৪লাখ টকা।
সম্পদ বৃদ্ধি হব ৫.২৪ লাখ টকা।
২. প্ৰতি মাহে ৩০,০০০ টকাকৈ ১০ বছৰৰ বাবে SIP
যদি বাৰ্ষিক প্ৰত্যাশিত ৰিটাৰ্ণ ১২ শতাংশ হয় তেন্তে মুঠ বিনিয়োগ হব ৩৬লাখ টকা।
আনুমানিক ভৱিষ্যৎ মূল্য হব ৬৯.৯৩লাখ টকা। সম্পদ বৃদ্ধি বা লাভ ৩৩.৯৩ লাখ টকা।
যদি ৰিটাৰ্ণ ১০শতাংশ হয় তেন্তে আনুমানিক ভৱিষ্যৎ মূল্য ৬২.৯৫ লাখ টকা। সম্পদ বৃদ্ধি বা মুনাফা ২৬.৯৫ লাখ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ