বৈদিক জ্যোতিষশাস্ত্ৰত শনিদেৱৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ আগন্তুক ২৮ এপ্ৰিলত শনিয়ে উত্তৰভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব৷ ৩ অক্টোবৰ পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব শনিয়ে৷ শনিয়ে স্বয়ং উত্তৰভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিছে৷ ৩ অক্টোবৰ পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব শনিয়ে৷ শনি স্বয়ং উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি গ্ৰহ৷ ফলত নিজৰ ঘৰত বিৰাজ কৰি শনিৰ কেইবাগুণো শক্তি বাঢ়িব৷ অন্যহাতে ২৯ তাৰিখে শনিয়ে কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিৰ প্ৰৱেশ কৰিছে৷ বৰ্তমান বৃহস্পতিৰ ৰাশি মীনত আছে শনিদেৱ৷ এই দুই গ্ৰহৰ প্ৰভাৱত সোণত সোৱগা চৰিব ৪ৰাশিৰ জাতকৰ৷ কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব? জানি থওক সবিশেষ৷
বৃষ ৰাশি
শনিৰ নক্ষত্ৰ স্থান সলনিয়ে কৰ্মক্ষেত্ৰত সাফল্য আহিব বৃষ ৰাশিৰ জাতকৰ৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ ব্যৱসায়ীয়ে কোনো প্ৰকল্পত বিনিয়োগ কৰিলে লাভৱান হব৷ বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷
মিথুন ৰাশি
উত্তৰভাদ্ৰপদ নক্ষত্ৰত শনিৰ গোচৰৰ প্ৰভাৱত লাভৱান হ’ব মিথুন ৰাশিৰ জাতক জাতিকাৰ বহু দিন ধৰি পাবলগীয়া ধন এই সময়ত লাভ কৰিব৷ চাকৰিত সমস্যা থাকিলে দূৰ হব৷ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰিব৷
মকৰ ৰাশি
শনিৰ নক্ষত্ৰ পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে শুভ হব৷ সম্পৰ্কত মাধুৰ্য বাঢ়িব৷ সৃজনশীল কামৰ সৈতে যুক্ত বক্তিয়ে কেৰিয়াৰত বৃহৎ উন্নতিৰ সুযোগ পাব৷ যিকোনো বিষয়ত বছ আৰু সহকৰ্মীৰ পৰা সাহায্য পাব পাৰে৷ আয় আৰু ব্যয়ৰ সামঞ্জস্য ৰাখি সঞ্চয়ৰ পথ প্ৰশস্ত কৰিব পাৰিব৷
কুম্ভ ৰাশি
শনিৰ প্ৰভাৱত কুম্ভ ৰাশিৰ সুদিন উভতিব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিৰ মালিক হ’ব পাৰে৷ নতুন কোনো ব্যৱসায়ৰ আৰম্ভণিৰ যোগ আছে৷ চাকৰিত দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা মুক্তি পাব পাৰে৷ নতুন কোনো ব্যৱসায়ৰ আৰম্ভণিৰ যোগ আছে৷ চাকৰিত দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা মুক্তি পাব৷ সংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















