১৮ বছৰৰ পাছত আজি শনিগ্ৰহৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহনৰ প্ৰভাৱ, ৫ ৰাশি বিশেষভাৱে প্ৰভাৱিত হ’ব
আজি চন্দ্ৰগ্ৰহণ, মধ্যৰাত্ৰী আংশিকভাৱে দেখা পোৱা যাব এই চন্দ্ৰ গ্ৰহণ। এই চন্দ্ৰ গ্ৰহণ- সূৰ্য গ্ৰহণ আদি সাধাৰণতে জ্যোতিৰ্বিজ্ঞানৰ ঘটনা বুলি গণ্য কৰা হয়, কিন্তু জ্যোতিষ শাস্ত্ৰত গ্ৰহণক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
জ্যোতিষৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে এই মাহত কিবা এটা বিশেষ হ’ব। আজিঅৰ্থাৎ ২৪ জুলাই তাৰিখে শনি গ্ৰহৰ চন্দ্ৰগ্ৰহণ দেখা যাব। ১৮ বছৰৰ পাছত ভাৰতত এই সূৰ্যগ্ৰহণ দেখা পোৱা যায়। ২৪ আৰু ২৫ জুলাইৰ মাজনিশা কেইঘণ্টামান খালী চকুৰে দেখা যাব এই গ্ৰহণ।
বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ইয়াক জ্যোতিষীয় পৰিঘটনা বুলি গণ্য কৰা হয় আৰু লগতে জ্যোতিষৰ হিচাপ অনুসৰি ১৫ মিনিটৰ ভিতৰত চন্দ্ৰই শনি গ্ৰহক সম্পূৰ্ণৰূপে আৱৰি ধৰিব। যেতিয়া শনি চন্দ্ৰৰ আঁৰত লুকাই থাকে তেতিয়া চন্দ্ৰৰ কাষৰ পৰা শনিৰ আঙঠিবোৰ দেখা যায়।
বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা ২৪ জুলাইৰ নিশা প্ৰায় ১:৩০ মান বজাৰ পৰা আৰম্ভ হ’ব এই ক্ৰম আৰু ইয়াৰ পিছত ১৫ মিনিটৰ পিছত ১:৪৫ বজাত সম্পূৰ্ণ ৰূপে শনি গ্ৰহটোক আগুৰি ধৰিব আৰু তাৰ পিছত ৪৫ মিনিটৰ পিছত অৰ্থাৎ ২:২৫ বজাত শনি গ্ৰহ চন্দ্ৰৰ পিছফালৰ পৰা ওলাই অহা দেখা যাব।
এনে এক বিৰল জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা ১৮ বছৰৰ পাছত কেইঘণ্টামানৰ বাবে ২৪ আৰু ২৫ জুলাইৰ মাজৰ নিশা দেখা যাব। যেনেকৈ শনিৰ ট্ৰেনজিট আৰু নক্ষত্ৰ পৰিবৰ্তনে মানৱ জীৱনকে ধৰি ১২টা ৰাশিৰ সকলোকে প্ৰভাৱিত কৰে। একেদৰে শনি গ্ৰহৰ চন্দ্ৰগ্ৰহণেও মানৱ জীৱনকে ধৰি ১২টা ৰাশিৰ আটাইকেইটা ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব।
জ্যোতিষৰ হিচাপ অনুসৰি ৫ ৰাশিৰ লোকক আটাইতকৈ বেছি প্ৰভাৱিত কৰিব ৷ সেই ৰাশি কেইবিধ হৈছে- কুম্ভ, মকৰ, মীন, কৰ্কট আৰু বৃশ্চিক ৰাশিৰ লোক। এই ৰাশিৰ লোকসকলে আৰ্থিকভাৱে সাৱধান হোৱাটো প্ৰয়োজন।
এই বিৰল দৃশ্য ভাৰতৰ চুবুৰীয়া দেশসমূহতো দেখা যাব য’ত শ্ৰীলংকা আৰু চীন অন্তৰ্ভুক্ত। বিশেষজ্ঞসকলৰ মতে, অক্টোবৰ মাহত পুনৰ এবাৰ দেখা যাব একেধৰণৰ দৃশ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ