• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

15 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

17 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

18 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

18 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

19 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

19 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

20 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

20 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

22 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

22 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

editor by editor
September 9, 2024
in বিবিধ, বিশ্ব, লেখা, শিক্ষা
0
মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰ পাছত বছৰ পাৰ হ’ল… যুদ্ধ ক্ষাম কটা নাই ইজৰাইল আৰু হামাছৰ৷ সীমান্তৰ যুঁজ দেশৰ ভিতৰলৈকে সোমাই শেষ কৰি পেলাইছে দেশ৷ মিছাইল আক্ৰমণৰ পৰা ৰক্ষা পোৱা নাই স্কুল, হাস্পতালো৷ বিপন্ন লক্ষাধিক প্ৰাণ৷ কেৱল ইজৰাইল, পেলেস্তাইনেই নহয়, লেবানন, চিৰিয়াসহ মধ্য প্ৰাচ্যৰ একাধিক দেশত যুদ্ধ, গৃহযুদ্ধ ক্ষমতাৰ টনাআঁজোৰা চলিছে৷ আইচিচ, আল কায়েদা, হিজবুল্লাহৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহে সমগ্ৰ বিশ্বতেই সন্ত্ৰাস চলাইছে৷ কিন্তু এই সংগঠনসমূহ কাৰ বলেৰে বলীয়ান? এই সংগঠনসমূহক কোন অদৃশ্য শক্তিয়ে ক্ষমতাৰ লগতে অস্ত্ৰ প্ৰদান কৰি আহিছে?

এই সংগঠন কেইটাৰ চাবি আছে দুখন দেশৰ হাতত৷ মধ্য প্ৰাচ্যৰ দুই দেশ, উচ্চাকাংক্ষাৰে ভৰপুৰ দুখন দেশ৷ এফালে ছৌদী আৰৱ, অন্যফালে ইৰাণ৷ ইজৰাইল, হামাছৰ মাজত এই বিৰোধৰ আঁৰত আছে ছৌদী আৰৱ আৰু ইৰাণৰ হাত৷ এই যুদ্ধ কিন্তু আজিৰ নহয়৷ ইয়াৰ পূৰ্বেও একাধিক দেশৰ মাজত যুদ্ধত বহুবাৰ নাম সাঙোৰ খাইছে দুই দেশৰ৷ কিয় ইমান বিৰোধ ছৌদী আৰৱ আৰু ইৰাণৰ মাজত?

ছৌদী আৰৱ আৰু ইৰাণৰ সম্পৰ্কক লৈ আলোচনা কৰিবলৈ গ’লে পূৰ্বেই জানি থোৱা দৰকাৰ দুই দেশৰ অৱস্থান৷ মধ্যপ্ৰাচ্যৰ এই দুই দেশৰ মাজত বিৰোধ আজিৰ নহয়৷ বহু বছৰ ধৰি এক শিতল যুদ্ধ চলি আছে৷ মজাৰ বিষয়টো হৈছে কোনোৱে কাৰো সৈতে যুদ্ধ নকৰে৷ একেই অঞ্চলত অৱস্থিত চুবুৰীয়া দেশসমূহৰ মাজত যুদ্ধ চলিয়েই আছে৷ ছিৰিয়াৰ ছিভিল ৱাৰ হওক বা লেবানন, ইৰাকৰ দৰে দেশত হৈ থকা সমস্যা৷ সকলোতেই দুই বিৰোধী পক্ষত অৱস্থান কৰে ছৌদী আৰৱ আৰু ইৰাণে৷ এনেকৈয়ে প্ৰক্সি ৱাৰ বা ছায়াযুদ্ধ চলিছে৷

এই যুঁজ কেৱল ভৌগোলিক বা ৰাজনৈতিক ক্ষমতাৰ বাবেই নহয়, ধৰ্মীয় শক্তি আরু মধ্য প্ৰাচ্যৰ আধিপত্যক লৈ টনাআঁজোৰা চলি আছে৷ এই আধিপত্য বা প্ৰভাৱ বজায় ৰাখিবলৈকে দুই দেশৰ মাজত বিৰোধ৷ এই সংঘাত যে চৰম পৰ্যায়ত সেয়া বুজা যায় দুই দেশৰ নেতাৰ কথাতেই৷ আয়াতোল্লাহ খোমেইনিক, ‘মধ্য প্ৰাচ্যৰ হিটলাৰ’ কৈছিল ছৌদীৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে৷ অন্যহাতে ইৰাণৰ বিদেশমন্ত্ৰী মহম্মদ জাভেদ জাৰিফে কৈছে যে কোনো বিপদৰ আঁৰৰ কাৰণ যদি লাগে তেন্তে আঁৰত ছৌদী আৰৱেই আছে৷

সকলোৰে জ্ঞাত যে শিতল যুদ্ধ হৈছিল আমেৰিকা আৰু ৰাছিয়াৰ মাজত৷ ৪০ বছৰ ধৰি সেই যুদ্ধ চলিছিল৷ কিন্তু ছৌদী আৰু ইৰাণৰ মাজৰ যুদ্ধ বহু পুৰণি৷ আমেৰিকা, ৰাছিয়াই যেনেকৈ দেখাদেখিকৈ যুদ্ধ নকৰে যদিও বিৰোধী দেশক সমৰ্থন কৰি ছায়াযুদ্ধ চলাই গৈছে৷ একেদৰে ইৰাণ আৰু ছৌদী আৰবেও যুদ্ধ কৰি গৈছে অবিৰামভাৱে৷ আমেৰিকা আৰু ৰাছিয়াই যুদ্ধ কৰিছিল বিশ্বৰ সকলোতকৈ ক্ষমতাবান দেশ কোন সেই বিষয়টোক লৈ৷ ছৌদী আৰু ইৰাণৰ যুদ্ধ তেলৰ খনিক লৈ৷ মধ্যপ্ৰাচ্যত কাৰ আধিপত্য থাকিব সেই বিষয়টোক লৈ৷

ছৌদী আৰু ইৰাণৰ উত্থান

প্ৰথম বিশ্বযুদ্ধৰ পাছত অটোমেন ৰাজত্বৰ পতন হয়৷ কেইবাটাও শক্তিধৰ ৰাজ পৰিয়ালৰ উত্থান হয়, আৰু ইয়াৰ মাজত আল ছাদ ছৌদী আৰৱৰ অধিকাংশ ঠাই দখল কৰিবলৈ সক্ষম হয়৷ ১৯৩২ চনত ছৌদী আৰৱ প্ৰতিষ্ঠিত হয়৷ ৬ বছৰ পাছত ছৌদীত তেলৰ খলিৰ সন্ধান পোৱা যায়৷ নিশাৰ ভিতৰতে সলনি হয় দেশৰ অৱস্থা৷ নিশাৰ ভিতৰতে বিশ্বৰ অন্যতম ধনী পৰিয়াল হৈ উঠে ছৌদীৰ ৰজা৷ মৰুভূমিতেই গঢ়ি উঠে ৰাস্তাঘাট, চহৰ আদি৷ সেই সময়ত পূৰ্ব দিশত আৰু এখন দেশৰ উত্থান হৈছিল৷ সেয়া হৈছে ইৰাণ৷ সেই দেশৰ বিপুৰ তেলৰ ভাণ্ডাৰ আৰু তুলনামূলকভাৱে বেছি জনসংখ্যা থকা সত্ত্বেও তেওঁলোকে নানান প্ৰতিবন্ধকতাৰ মুখত পৰিছিল৷ বৈদেশিক শক্তিৰ আক্ৰমণ, বিশেষকৈ ব্ৰিটেইন আৰু ৰাছিয়াই দুবাৰ ইৰাণত ক্ষমতা দখলৰ চেষ্টা চলাইছিল৷

১৯৫৩ চনত আমেৰিকাৰ প্ৰচেষ্টাত অভ্যুত্থান হয় ইৰাণৰ৷ প্ৰধানমন্ত্ৰী মহম্মদ  মোছাদক এৰোৱাই দিয়াৰ চেষ্টা চলাইছিল৷  সেই মোছাদেই ইৰাণৰ পাশ্চাত্য সংস্কৃতি আঁতৰ কৰিবলৈ উঠিপৰি লাগিছিল৷ কিন্তু তেওঁৰ দুৰ্নীতি আৰু গোপন বাহিনী ছাভাকৰ অত্যাচাৰতেই বিদ্ৰোহৰ জুই জ্বলি উঠিছিল৷

১৯৭০ চন পৰ্যন্ত দুই দেশৰ অৰ্থনীতি তেলৰ ওপৰত নিৰ্ভৰশীল আছিল৷ আমেৰিকাৰ সমৰ্থন আছিল দুই দেশৰ প্ৰতিয়েই৷ কিন্তু দুই দেশৰ চিন্তাধাৰাৰ বিৰোধ আদিৰ বাবে  দূৰত্ব বাঢ়ি থাকে৷ ১৯৭৯ চনত আৰম্ভ হয় ইছলামিক ৰোভোলিউছন৷ ৰাজতন্ত্ৰ শেষ কৰি ৰেভলিউছনাৰি ইছলামিক চৰকাৰ গঠিত হয়৷ ১৫ বছৰৰ নিৰ্বাসন শেষ কৰি দেশত উভতি আহে আয়াতোল্লাহ খোমেইনি৷ সেই সময়ৰ পৰাই ইৰাণক থ্ৰেট বা বিপদ হিচাপে ল’বলৈ আৰম্ভ কৰে ছৌদী আৰৱে৷ ইৰাণৰ এই অভ্যুত্থানত ভয় খাইছিল ছৌদী আৰৱেও৷ তেওঁলোকৰ শংকা আছিল , যদি ইৰাণৰ তেওঁলোকৰ দেশৰ দৰেই সামৰিক বা গণ অভ্যুত্থান হৈ যায়৷

ধৰ্মীয় টনাআঁজোৰা

ধৰ্মও দুই দেশৰ সংকটৰ অন্যতম কাৰণ আছিল৷ ইৰাণৰ প্ৰতিষ্ঠাৰ পূৰ্বে মুছলমান দেশ হিচাপে একক আধিপত্য আছিল ছৌদী আৰবৰ৷ দুই দেশ মুছলমান প্ৰধান ৰাষ্ট্ৰ হ’লেও এফালে আছে ইৰাণ, য’ত ছিয়া মুছলমানসকলে বাস কৰে৷ অন্যহাতে ছৌদী আৰৱত ক্ষমতাত আছে ছুন্নি মুছলমানসকল৷ এই দুই দেশক বাদ দি বিশ্বৰ  কোনো দেশতেই ইমান গৰিষ্ঠ সংখ্যাত মুছলমানে বাস নকৰে৷ তাৰপিছতো দুই দেশে মুছলমান ৰাষ্ট্ৰ হিচাপে অন্য একক পৰিচয় গঢ়াৰ বাবে দশক দশক ধৰি যুঁজ চলাই আছে৷

ইফালে ছৌদী আৰৱতেই আছে মক্কা আৰু মদিনা৷ যি ইছলাম ধৰ্মৰ সকলোতকৈ পবিত্ৰ স্থান৷ প্ৰতি বছৰে হজ আয়োজন কৰি ছৌদী আৰৱে কোটি কোটি ধন উপাৰ্জন কৰে৷ ফলত স্বাভাৱিকভাৱেই ছৌদী আৰৱ কিছু পৰিমানে হ’লেও আগুৱাই থাকে৷ ছৌদীতেই ১০ৰ পৰা ১৫শতাংস জনসংখ্যা ছিয়া মুছলমান৷

২০১৬ চনত ছিয়া নেতা তথা ছৌদী ৰজাসকলৰ ভিতৰত অন্যতম সমালোচক নিমৰ আল নিমৰক হত্যা কৰা হয়৷ সেই ঘটনাৰ পাছতেই ছৌদীৰ দূতাবাসত জুই লগাই দিয়ে আন্দোলনকাৰীয়ে৷ অন্যহাতে ইৰাণৰ বিৰুদ্ধে অভিযোগ উঠে যে ছৌদীত ৰাজতন্ত্ৰৰ পতনৰ বাবে ছিয়া গোষ্ঠীসমূহক সামৰিক আৰু আৰ্থিক সহায় আগবঢ়াইছে ইৰাণে৷ ইয়াৰপাছতেই ছৌদীয়ে তেওঁলোকৰ মছনদ বচাবলৈ আমেৰিকাৰ সৈতে বন্ধুত্ব বঢ়াবলৈ আৰম্ভ কৰে৷

সামৰিক শক্তি আৰু যুদ্ধত সহায়

সামৰিক প্ৰভাৱ বিস্তাৰত ছৌদীতকৈ বহুগুণে আগুৱাই আছে ইৰাণ৷ লেবাননত আছে হিজবুল্লা যি ইৰাণৰ সেনাৰ দ্বাৰা সমৰ্থিত৷ একেদৰে গাজা ষ্ট্ৰিপত হামাছেও ইৰাণৰ সমৰ্থন লাভ কৰে৷ ছিৰিয়া আৰু ইৰাকৰ বিভিন্ন সংগঠনক পৰোক্ষ সমৰ্থন কৰে ইৰাণৰ ৰেভলিউছনাৰি গাৰ্ডে৷ ইয়াৰ আঁৰত আছে কেইবাটাও কাৰণ৷ ইৰানৰ নিজস্ব সেনাবাহিনী ইমান শক্তিশালী নহয়৷ ইৰাণৰ জেনেৰেল কাশেম ছোলেমানিয়ে দীৰ্ঘ সময় ধৰি বিদেশৰ মাটিত অভিযান চলাইছিল৷ আমেৰিকাই গোপন অভিযান চলাই হত্যা কৰে ছোলেমানিক৷

অন্যহাতে মহম্মদ বিন ছলমানে ক্ষমতাত আহিয়েই য়েমেনৰ হুটিৰ বিৰুদ্ধে যুদ্ধ চলাই৷ সেই যুদ্ধতো হুটিসকলক সমৰ্থম কৰে ইৰাণে৷ এই যুদ্ধৰ পৰা আকৌ প্ৰকট হৈ উঠে ইৰাণ ছৌদীৰ বিৰোধ৷ হুটিৰ দস্যুৱে আক্ৰমণ চলাইছিল ছৌদীৰ তেল শোধনাগাৰত৷ গাল্ফ আৰু লোহিত সাগৰত বিভিন্ন সময়ত যি তেল বা পণ্য বহনকাৰী জাহাজ যায় তাৰ ওপৰতেই আক্ৰমণ চলাই হুটিয়ে৷ সেই আক্ৰমণ এতিয়াও জাৰি আছে৷ আক্ৰমণৰ আঁৰত ইৰাণ যুক্ত হৈ আছে,  এনে অভিযোগো বাৰে বাৰে উঠিছে যদিও ইৰাণে অস্বীকাৰ কৰি আহিছে৷ এই আক্ৰমণৰ প্ৰভাৱত বিশ্বৰ সমস্ত দেশতেই পেট্ৰোলিয়াম আৰু তেলৰ দামৰ ওঠানমা হৈ থাকে৷

এই ক্ষমতাৰ যুজ ইৰাকৰ পতনৰ পাছত আৰু প্ৰকট হৈ উঠে৷ ২০০৩ চনত আমেৰিকাই ইৰাক আক্ৰমণ কৰে৷ হত্যা কৰে ছাদ্দাম হুচেইনক৷ ইৰাণ বা ছৌদী আৰৱ কোনোৱে এই আক্ৰমণ অৱশ্যে বিচৰা নাছিল৷ কাৰণ দুই দেশৰ মাজত ৰাফাৰ ডোন হিচাপে কাম কৰিছিল ইৰাকে৷ ছাদ্দামৰ অৱৰ্তমানত একাধিক সামৰিক গোষ্ঠী তৈয়াৰ হয়৷ ছিয়া আৰু ছুন্নি গোষ্ঠীসমূহক পৃথকভাৱে সহায় কৰে দুই দেশে৷ তেতিয়াৰে পৰাই দুই দেশৰ মাজত স্পষ্ট হৈ পৰে বিৰোধ৷

আমেৰিকা আৰু ৰাছিয়াৰ বন্ধুত্ব

ছৌদী আৰৱক সমৰ্থন কৰে আমেৰিকাই৷ এয়াই ছৌদীৰ সকলোতকৈ ডাঙৰ পাৱাৰ৷ ছুদান, মিছৰ আৰু ইজৰাইলেও আমেৰিকাৰ সমৰ্থন পায়৷ অন্যহাতে ইৰাণে তেওঁলোকৰ কাষত পায় চীন আৰু ৰাছিয়াক৷ বন্দুক, সামৰিক শক্তিত বিপুল বিনিয়োগ আছে চীন, আমেৰিকা, ৰাছিয়াৰ৷

ইৰাণ বা ছৌদী আৰৱ কোনোৱে মুকলিকৈ যুদ্ধ কৰিব নিবিচাৰিলেও ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ দুই দেশে এখনে আনখন দেশৰ ওপৰত নানান দোষ জাপি আহিছে৷ ইৰাণ আৰু ছৌদীৰ এই বিৰোধে ক্ৰমশ অস্থিৰ কৰি তুলিছে সমগ্ৰ মধ্যপ্ৰাচ্যক৷ এই ছায়া যুদ্ধ আৰু কিমানদিন চলিব সেয়াহে যুদ্ধ বিশ্লেষকসকলক বাবে ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

ইউৰিক এছিডৰ বাবে দৈনিক ঔষধ খাই আছে? এই ৬ অভ্যাস গঢ়ক, সমস্যা দূৰ হ’ব খাটাং

কণীৰ কুহুম খাব নে বগা অংশ খাব? কোনটো খালে দেহে বেছিকৈ পুষ্টি পাব?

কণীৰ কুহুম খাব নে বগা অংশ খাব? কোনটো খালে দেহে বেছিকৈ পুষ্টি পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.