প্ৰতি বছৰেই লাখ লাখ মুছলমান ছৌদী আৰৱলৈ হজৰ বাবে যায়৷ কিন্তু পূৰ্বতকৈ এইবাৰ ছৌদীলৈ গৈ বহু মানুহে মৃত্যুক সাবটি লৈছে৷ ছৌদী আৰৱৰ হজৰ সৈতে জড়িত কৰ্মকৰ্তাসকলে তীব্ৰ সূৰ্যতাপ আৰু গৰমৰ মাজত বিশ্ৰামো পৰ্যাপ্ত হোৱা নাই বাবে বেছিভাগ মৃত্যু হৈছে বুলি জনাইছে এক আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমে৷
আৰ্থিক আৰু শাৰীৰিকভাৱে বিশেষ সক্ষম মুছলমান লোকৰ বাবে ধৰ্মীয় বাধ্যবাধকতাৰে এই যাত্ৰা বুধবাৰে শেষ হৈছে৷ এই যাত্ৰাত ১০খন দেশৰ নাগৰিকে হেৰুৱাইছে প্ৰাণ৷ এইবছৰ ছৌদীত গৰমৰ পৰিমান বৃদ্ধি পাইছে, গৰমৰ বাবেই বেছিভাগ যাত্ৰী অসুস্থ হৈ পৰিছে৷ ছৌদী কৰ্তৃপক্ষই জনোৱামতে এই বছৰ প্ৰায় ১৮ লাখ ৩০ হাজাৰ হজযাত্ৰীয়ে তীৰ্থযাত্ৰাত অংশগ্ৰহণ কৰিছে৷ এই সংখ্যাৰ ১৬ লাখেই বিদেশৰ পৰা ছৌদীলৈ গৈছে৷ এইসকলৰ ভিতৰত বৰ্তমানলৈকে ১৩০০ ৰো অধিক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে৷ যাত্ৰীৰ মৃত্যুক লৈ ইতিমধ্যে ছৌদী প্ৰশাসনে দাঙি ধৰিছে ৬টাকৈ কাৰণ৷
তাপমাত্ৰা বৃদ্ধি
এইবাৰ ছৌদীৰ তাপমাত্ৰা ৫১.৮ ডিগ্ৰি ছেলচিয়াচ পৰ্যন্ত বাঢ়িছে৷ এই পৰিস্থিতিয়েই হজযাত্ৰীৰ মৃত্যুৰ প্ৰধান কাৰণ হৈ উঠিছে৷ উচ্চতাপ আৰু পানীশূন্যতাৰ বাবে হাওঁফাওঁয়ে কাম নকৰাৱ হৈছে৷ ফলত হীটষ্ট্ৰোকত আক্ৰান্ত হৈছে বহুলোক৷ মৃতকসকলৰ ভিতৰত অধিকাংশই মিছৰৰ৷ এগৰাকী আৰৱীয়াৰ কূটনীতিবিদে জনোৱা অনুসৰি মিছৰৰ ৬৫৮গৰাকী ব্যক্তিৰ মৃত্যু হৈছে৷ মৃত্যুৰ কাৰণ চৰম তাপ৷ এই মৃতযাত্ৰীসকলৰ বেছিভাগৰেই হজৰ পাৰমিটো নাই৷ ফলত তেওঁলোকে নিৰ্ধাৰিত সুযোগ সুবিধাসমূহ লাভ কৰা নাছিল৷
এগৰাকী নাইজেৰিয়ান হজযাত্ৰীয়ে আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সন্মুখত এই সন্দৰ্ভত কৈছে, ‘ইমান গৰম কি কম৷ কেৱল আল্লাহৰ ৰহমতৰ বাবে মই জীৱন্তে ওভতিছো৷ তাত আমি ছাদত আছিলো৷ ছাদত ইমানেই গৰম যে লাগে যেন একুৰা জুই কাষত জ্বলি আছে৷ আমি ছাতি লৈ আছিলো৷ জমজম পানী দি নিজৰ গাটো অলপকৈ তিঁয়াই লৈছিলো৷ এসময়ত মই অজ্ঞানো হৈ পৰিছিলো৷ তেতিয়া কোনো এগৰাকী যাত্ৰীয়ে মোক ছাতিৰ তলত শোৱাই লৈছিল৷ মই বুজাই ক’ব নোৱাৰো এই গৰম কিমান৷’
অত্যধিক ভিৰ আৰু পৰিচ্ছন্নতাজনিত সমস্যা
একাংশ যাত্ৰীৰ পৰা জনা গৈছে যে ছৌদী কৰ্তৃপক্ষৰ অৱ্যৱস্থাপনাৰ কাৰণেও বহু যাত্ৰীয়ে মৃত্যুক সাবটিছে৷ হজযাত্ৰীসকলৰ বাবে নিৰ্ধাৰিত বহু এলেকাত পৰিচ্ছন্নতাৰ অভাৱ দেখা গৈছ৷ মক্কাৰ তাপৰ কথা ক’ব নোৱাৰি, এয়াৰ কণ্ডিছনাৰ ৰুমো নাছিল৷ যিসমূহ কুলাৰ যোগান ধৰা হৈছিল সেইসমূহত বেছিভাগ সময়ে পানী নাছিল৷
পৰিবহন সমস্যা
প্ৰচণ্ড গৰমৰ বাবে খোজকঢ়াত অসুবিধা আহিছে৷ দীৰ্ঘ পথ খোজেৰে যাব লগা হোৱাৰ বাবেও বহুলোক অজ্ঞান হৈ পৰিছে৷ এগৰাকী হজযাত্ৰীয়ে জনোৱামতে দীৰ্ঘ ৭ কিঃমিঃ পথ তেওঁলোকে খোজকাঢ়ি যাব লগা হৈছিল৷ এই যাত্ৰাপথত এটুপি পানীও পাবলৈ নাই৷ পুলিছৰ বেৰিকেডৰ মাজে মাজে ৰ’দত যাত্ৰা কৰিব লগা হৈছিল৷ অপ্ৰয়োজনীয় কিছু বেৰিকেড বান্ধিছে ছৌদী চৰকাৰে৷ ৰ’দত খোজকাঢ়ি এটুপি পানী নাপায়েই বহুতে মৃত্যুক সাবটি লৈছে৷ ইয়াৰোপৰি তাত বনোৱা কেম্পসমূহত মানুহক পশুৰ দৰে ৰখা হৈছে৷ দুখন বিচনাৰ মাজত খোজ দিবলৈকো ঠাই নাই, ইয়াৰোপৰি এটা টয়লেটকেই শ শ মানুহে ব্যৱহাৰ কৰিবলগা হৈছে৷ গৰমত কোনো ৰোগ নথকা এজন ব্যক্তিয়েও যদি ১৫ কিঃমিঃ এটুপি পানী নোহোৱাকৈ খোজ কাঢ়ে তেন্তে হীটষ্ট্ৰোক হোৱাটো স্বাভাৱিক৷
চিকিৎসাত বিলম্ব
বহু হজযাত্ৰীয়ে প্ৰয়োজনৰ সময়ত চিকিৎসা লাভ কৰা নাই৷ তীব্ৰ গৰমত অন্য কোনো সাধাৰণ স্বাস্থ্যজনিত সমস্যা থাকিলেও সেয়া বাঢ়ি গৈছে৷ ফলত চিকিৎসকৰ সহায়ৰ বাবে আগবাঢ়োতে সহায় কৰিবলৈ চিকিৎসকৰ অভাৱ ঘটিছে৷ আনকি প্ৰাথমিক চিকিৎসাও লাভ কৰিবলৈ সক্ষম হোৱা নাই বহু হজযাত্ৰীয়ে৷ এম্বুলেঞ্চৰো অভাৱ ঘটিছে সেই স্থানত৷ এগৰাকী হজযাত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘আমাৰ লগৰ এজন যাত্ৰীয়ে ক্লাষ্টোফোবিয়াৰ বা শ্বাসৰুদ্ধকৰ পৰিস্থিতিত অক্সিজেনৰ প্ৰয়োজন আছিল তেতিয়া অনুৰোধ কৰা স্বত্বেও প্ৰায় ২৫ মিনিট পাছতহে এখন এম্বুলেঞ্চ আহিছিল৷ সেই এম্বুলেঞ্চত আছিল চিকিৎসকো৷ কিন্তু চিকিৎসকে দুই ছেকেণ্ডো আমাৰ ৰোগীগৰাকীৰ নাচালে৷ তাৰ সলনি কলে যে একো ৰোগ নাই৷’
ইফালে চৰকাৰী এক বিবৃত্তিত জনোৱা হৈছে যে ৬৫০০ বেডৰ ১৮৯ খন হাস্পতাল, স্বাস্থ্যকেন্দ্ৰ, মোবাইল ক্লিনিক, চিকিৎসা সেৱাত যুক্ত হৈছে ৪০ হাজাৰতকৈ বেছি চিকিৎসক, ইয়াৰোপৰি দিয়া হৈছে স্বেচ্ছাসেৱকো৷ তেওঁলোকে জনোৱামতে ৩৭০তকৈ বেছি এম্বুলেঞ্চ, ৭খন এয়াৰ এম্বুলেন্স, শক্তিশালী লজিষ্টিক নেটৱৰ্কসম্পন্ন ১২টাকৈ লেবৰটৰী, ৬০ খন সামগ্ৰী কঢ়িওৱা বিশেষ ট্ৰাক আৰু তিনিটা ভ্ৰাম্যমাণ চিকিৎসা সামগ্ৰী লোৱা দল নিয়োজিত হৈছে৷
নথিবিহীন ব্যক্তি
হজ কৰিবলৈ এগৰাকী হজযাত্ৰীয়ে চৰকাৰীভাৱে তেওঁৰ নথি জমা দিব লাগে৷ কিন্তু কিছু ব্যক্তিয়ে সঠিক কাগজ পত্ৰ অবিহনেই যাত্ৰা কৰিছে৷ এইসকল অনুমোদনবিহীন যাত্ৰীয়েই বেছিভাগ মৃত্যু হৈছে৷ তেওঁলোকে তাত প্ৰয়োজনীয় সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ যিসকলে চৰকাৰী ৰেজিষ্ট্ৰেচনেৰে এই দেশত প্ৰৱেশ কৰিছে তেওঁলোকৰ বাবে বিশেষ বাৰকোড থাকে৷ আৰু নথি নোহোৱাকৈ প্ৰৱেশ কৰাসকলৰ এই বাৰকোড নাথাকে৷
বয়োজ্যেষ্ঠ আৰু অসুখীয়া যাত্ৰী
হজ কৰিবলৈ জীৱনৰ শেষ বেলাতেই প্ৰায়সংখ্যক লোক আহে৷ আজীৱন সঞ্চয়ৰ পাচত বহুতেই আশা কৰে যে মৃত্যু হ’লেও যেন তাতেই হয়৷ ভাৰত, বাংলাদেশ আদি দেশৰ মুছলমান সমাজে হজলৈ গৈ মৃত্যু হ’লে শুভ বুলি ধাৰণা কৰে৷ তেওঁলোকৰ বাবে এই মৃত্যু সৌভাগ্যশালী জনেহে পায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ