অসম লাইভ ২৪ঃ ঘৰুৱা বা কথিত ভাষাত শিশুৱে গ্ৰহণ কৰিব পাৰিব প্ৰাথমিক শিক্ষা। ‘নতুন শিক্ষানীতি- ২০২১’ উত্থাপন কৰি বিধানসভাত এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। এতিয়াৰে পৰা প্ৰাথমিক স্তৰৰ সকলো শিশুৱে নিজৰ ঘৰুৱা ভাষাত গ্ৰহণ কৰিব পাৰিব শিক্ষা। এই ব্যৱস্থাই শিশুসকলক অধিক উপকৃত কৰিব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। লগতে শিক্ষাখণ্ডৰ উন্নয়ন আৰু বিকাশৰ বাবে নতুনকৈ ৮ খন পলিটেকনিক আৰু ৬ খন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিব ৰাজ্যত। অসমত কাৰিকৰী শিক্ষাৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই উপকৃত কৰিব ৰাজ্যৰ যুৱক-যুৱতীসকলক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ