অসম লাইভ ২৪ঃ শীতত আপোনাৰ ছালখনৰ লগতে শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। তাৰ বাবে আপুনি লয় বিভিন্ন যতন। ইয়াৰ উপৰিও শীত কালত আপোনাৰ এটা ডাঙৰ সমস্যা হ’ল গা ধোৱাটো। বেছিভাগ মানুহে শীতকালত গা ধুবলৈ মন নকৰে বা অৱহেলা কৰে। শীতত ঠাণ্ডা পানীৰে গা ধোৱাটোও সঠিক নহয়। কিন্তু কিয়? এই বিষয়ত চিকিৎসকসকলে কি কয়?
ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত আপোনাৰ হ’ব পাৰে ডাঙৰ বিপদ। শীতকালত শ্বাস-প্ৰশ্বাসৰ সমস্যা বা শৰীৰৰ পুৰণি বিষ আকৌ বৃদ্ধি হ’ব পাৰে। বহুলোকে শীতকালত অভ্যাসগতভাৱে ঠাণ্ডা পানীত গা ধোৱে। যাৰ ফলত হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনাৰ লগতে মানুহৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে।
বিশেষজ্ঞসকলৰ মতে, যেতিয়া শীতকালত হঠাতে ঠাণ্ডা পানী শৰীৰৰ সংস্পৰ্শলৈ আহে, তেতিয়া অতিপাত ঠাণ্ডাৰ প্ৰভাৱত ৰক্তনলীবোৰ সংকুচিত হয়। ফলস্বৰূপে, ৰক্ত সঞ্চালনৰ গতি হ্ৰাস হয়। ৰক্তচাপ বৃদ্ধি হয়। হৃদস্পন্দনৰ অস্বাভাৱিক হাৰে সোনকালেই বিপদ মাতি আনিব পাৰে আপোনাৰ ।
শীতকালত হৃদৰোগৰ আশংকা এৰাই চলিবলৈ কি কৰিব নালাগে?
ঠাণ্ডা পানী ত্যাগ কৰক। বিশেষজ্ঞসকলৰ মতে কেৱল শীতকালতে নহয়, প্ৰতিদিনেই পাতল গৰম পানীত গা ধোৱা উচিত। গৰম পানীৰে ধোৱাৰ উপৰিও গৰম কাপোৰ পৰিধান কৰক। শৰীৰটো যদি আপুনি ভিতৰৰ পৰা গৰম কৰিব নোৱাৰে, তেন্তে সমস্যাই দেখা দিব পাৰে।
শীতত আপোনাৰ খুব ৰাতিপুৱাই উঠিব এলাহ লাগে। কিন্তু এইবোৰে আপোনাৰ শৰীৰত অপকাৰ কৰিব পাৰে। কিয়নো শৰীৰটো সবল কৰি ৰাখিবলৈ দৈনিক শৰীৰ চৰ্চা অতিকৈয়ে প্ৰয়োজন। যদি আপুনি নিতৌ শৰীৰ চৰ্চা, খোজ কঢ়া, দৌৰাৰ দৰে শাৰীৰিক ব্যায়াম কৰে, শৰীৰটো সিমানেই ফিট হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ