ধৰ্মীয় গুৰু, মৌলবী, যাজকক আদিৰ দ্বাৰা নাৰী নিৰ্যাতন তথা যৌন নিৰ্যাতনৰ ঘটনা নতুন নহয়৷ মাজে মাজে দেশত ধর্মীয় গুৰু, মৌলবী, যাজক আদিয়ে মহিলাক ধৰ্ষণ কৰাৰ বাতৰিয়ে সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে৷
ইয়াৰ মাজতে এইবাৰ পোহৰলৈ আহিছে অন্য এক ধৰ্ষণ কাণ্ড৷ এগৰাকী নিঃসন্তান মহিলাৰ কোঁচত যজ্ঞৰ দ্বাৰা সন্তান তুলি দিয়াৰ প্ৰলোভনেৰে এগৰাকী স্বয়ম্ভূ ধৰ্মীয় গুৰুৱে ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷
ঘটনাটো মধ্যপ্ৰদেশৰ৷ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ৷ প্ৰকাশিত খবৰৰ মতে এহাল সন্তানহীন দম্পতীয়ে সন্তানৰ লাভ কামনাৰে স্বয়ম্ভূ ধৰ্মীয় গুৰু বৈৰাজ্ঞানন্দ গিৰিৰ ওচৰলৈ গৈছিল৷ স্বয়ম্ভূ ধৰ্মীয় গুৰু বৈৰাজ্ঞানন্দই দম্পতীহালক সন্তান লাভ কৰিব বুলি প্ৰলোভন দি যোৱা ১৭ জুলাইত মহিলাগৰাকীক ধৰ্ষণ কৰে৷
লগতে পঢ়ক আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!
অভিযোগ অনুসৰি স্বয়ম্ভূ গুৰুজনে মহিলাগৰাকীক কিবা খোৱাই অচেতন কৰি এই দুৰষ্কাৰ্য সংঘটিত কৰিছিল৷ প্ৰথমাৱস্থাত মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে গুৰুজনৰ বিৰুদ্ধে ঘঠনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিবলৈ সাহস কৰিব পৰা নাছিল৷
প্ৰথমাৱস্থাত ঘটনাটোক লৈ মানুহে কিবা ক’ব বুলি শংকিত হৈ আৰক্ষীৰ দ্বাৰস্থ হোৱা নাছিল বুলি উল্লেখ কৰি দম্পতীহালে অৱশেষত দ্বিধাবোধ জয় কৰি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷
মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰ পিছতে আৰক্ষীয়ে স্বঘোষিত গুৰুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু মঙলবাৰে গোৱালিয়ৰ পৰা গ্ৰেপ্তাৰ কৰি ভূপাললৈ নিয়ে।
প্ৰসংগক্ৰমে যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত এইজন স্বয়ম্ভু ধৰ্মীয় গুৰুৱে প্ৰত্যক্ষভাৱে কংগ্ৰেছক সমৰ্থন কৰিছিল। লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ জয়ৰ বাবেও এই যজ্ঞৰ আয়োজন কৰা হৈছিল। তেওঁৰ সেই ভৱিষ্যদ্বাণী সত্য নহ’লে তেওঁ নিজকে সমাধিস্থ কৰিব বুলিও ঘোষণা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















