জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাশি পৰিবৰ্তন কৰি এক ৰাশিৰ পৰা অন্য ৰাশিলৈ গমন কৰে৷ গ্ৰহসমূহৰ ৰাশি পৰিবৰ্তনে সমস্ত ৰশিৰ ওপৰত ইতিবাচক বা নেতিবাচক প্ৰভাৱ পেলাব৷ মঙলে এক ৰাশিৰ পৰা অন্য ৰাশিলৈ যাবলৈ প্ৰায় ১৮ মাহ সময় লয়৷ বৰ্তমান মঙলে সিংহ ৰাশিত গমন কৰিছে আৰু কেতুৰ সৈতে সংযোগ কৰিছে৷ শীঘ্ৰেই বুধ ৰাশিৰ মালিকানাধীন কন্যা ৰাশিত গমন কৰিব মঙ্গলে৷ বিশেষ বিষয় হৈছে যিদিনা মঙ্গলে কন্যা ৰাশিত প্ৰৱেশ কৰিব সেইদিনাই শাওন মাহৰ সোমবাৰৰ উপবাসো পালন কৰা হব৷
মঙ্গলে ২৮ জুলাইৰ সন্ধিয়া ৭ বাজি ৫৮ মিনিটত সিংহ ৰাশিৰ যাত্ৰা শেষ কৰি কন্যা ৰাশিলৈ আহিব৷ জ্যোতিষীৰ মতে মঙ্গলে বুধৰ ঘৰলৈ আহি কিছু ৰাশিৰ সমস্যা বঢ়াই তুলিব পাৰে৷ আৰু কিছু ৰাশিৰ বাবে ই উপকাৰীও হব পাৰে৷ জানি থওক মঙ্গলৰ গোচৰ শুভ হ’ব কোন ৩ ৰাশিৰ বাবে?
সিংহ ৰাশি
মঙ্গলে আপোনাৰ ৰাশিৰ দ্বিতীয় ঘৰত গমনৰ মাধ্যমেৰে লাভজনক প্ৰমাণিত হব এই সময়৷ এই সময়ত আৰ্থিক লাভ বা চাকৰি ব্যৱসায়ত অগ্ৰগতিৰ নতুন সুযোগ পাব পাৰে৷ নতুন কাম আৰম্ভ কৰাৰ বাবে সময়টো আপোনাৰ বাবে অনুকূল প্ৰমাণিত হব৷ বিশেষ কামৰ সিদ্ধান্ত ল’লে এই কাম সফল হব৷
বৃশ্চিক ৰাশি
মঙলে কন্যা ৰাশিত প্ৰৱেশৰ সৈতে বৃশ্চিক ৰাশিৰ জাতকে শুভ ফল পাব৷ বৃশ্চিক ৰাশিৰ জাতক জাতিকাই এই সময় এটা বৃহৎ লক্ষ্য অৰ্জন কৰিব পাৰি যি বৰ্তমান আৰু ভৱিষ্যত উভয় ক্ষেত্ৰতেই উপকাৰ পাব৷
মকৰ ৰাশি
মঙ্গলে আপোনাৰ ৰাশিৰ পৰা নৱম ঘৰত গোচৰ কৰিব, যিয়ে আপোনাৰ স্থগিত কামক ত্বৰান্বিত কৰিব৷ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে এই সময় শুভ৷ এই সময়ত ভ্ৰমণ কৰাৰ সুবিধাও আপুনি পাব৷ ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















