বৈদিক জ্যোতিষত গ্ৰহৰ অৱস্থান সলনি বিশেষ গুৰুত্বপূৰ্ণ ঘটনা৷ কাৰণ যেতিয়াই কোনো গ্ৰহই এটা ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰে তেতিয়াৰ পৰাই এই গোচৰৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ ছেপ্টেম্বৰ মাহত একাধিক গ্ৰহই নিজৰ স্থান সলনি কৰিব৷ আগন্তুক মাহত যিসমূহ গ্ৰহৰ অৱস্থান পৰিবৰ্তন লক্ষ্য কৰা যাব সেইসমূহ হৈছে মঙল বুধ শুক্ৰ আৰু নক্ষত্ৰ সূৰ্য৷
ছেপ্টেম্বৰত কেতিয়া কোন গ্ৰহৰ গোচৰ?
আগন্তুৰ ১৩ ছেপ্টেম্বৰত তুলা ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে৷ ইয়াৰোপৰি আগন্তুক মাহত দুবাৰকৈ নক্ষত্ৰ পৰিবৰ্তনো কৰিব ৰঙা গ্ৰহই৷ মঙ্গলৰ পাছত হব শুক্ৰৰ গোচৰ৷ ১৪ ছেপ্টেম্বৰত সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰ৷ ঠিক তাৰপিছৰ দিনাই ১৫ ছেপ্টেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব বুধে৷ ইয়াৰপাছতেই ১৭ ছেপ্টেম্বৰত সিংহ ৰাশি এৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ বুধ আৰু সূৰ্যৰ মিলনত কন্যা ৰাশিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ আগন্তুক মাহত বিভিন্ন গ্ৰহৰ গোচৰৰ ফলত ভাগ্য খুলিব তিনি ৰাশিৰ জাতকৰ৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতক এই গ্ৰহ গোচৰৰ ফলত লাভাম্বিত হব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এই মাহত সম্পন্ন হব৷ পৰিয়ালৰ সৈতেও ভাল সময় কটোৱাৰ সুযোগ পাব৷ আত্মবিশ্বাস বাঢ়িব আৰু কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷
মিথুন ৰাশি
ছেপ্টেম্বৰ মাহ খুবেই ভালধৰণে পাৰ হব মিথুন ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত আৰামেৰে দিন কটোৱাৰ সুযোগ পাব৷ আৰ্থিক লাভ হব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ নতুন ঘৰ, দোকান বা বাহন কিনিব পাৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকে ছেপ্টেম্বৰত খুবেই ভাল সময় কটাব৷ আগন্তুক মাহত একাধিক সূত্ৰৰ পৰা প্ৰচুৰ অৰ্থ আহিব৷ ৰাজনীতিৰ সৈতে যুক্তসকলৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















