জ্যোতিষ গণনা অনুসৰি আজি ৩ নৱেম্বৰ ২০২৫ সোমবৰাৰ পৰা এক বিশেষ যোগ গঠিত হৈছে৷ শুক্ৰ আৰু শনিৰ মিলনত আজিৰ পৰাই গঠিত হব ষড়ষ্টক দৃষ্টি যোগ৷ ইয়াক এটা অত্যন্ত বিৰল আৰু প্ৰভাৱশালী যোগ বুলিও জনাইছে জ্যোতিষবিদে৷ এই যোগৰ প্ৰভাৱত বিভিন্ন ৰাশিৰ জাতকৰ জীৱনলৈ নানান ক্ষেত্ৰত উল্লেখযোগ্য পৰিবৰ্তন আহিব৷ শুক্ৰ আৰু শনি পৰস্পৰৰ পৰা ১৫০ ডিগ্ৰী কোণত অৱস্থান কৰিলে এই যোগ গঠিত হয়৷ জ্যোতিষ গণনাই কৈছে এই যোগৰ প্ৰভাৱত চাৰি ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হব৷ জানি থওক ষড়ষ্টক যোগত নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই বিপুল লাভ হ’ব কাৰ কাৰ?
বৃষ ৰাশিত ষড়ষ্টক যোগৰ প্ৰভাৱ
শুক্ৰ আৰু শনিৰ প্ৰভাৱত গঠিত ষড়ষ্টক যোগ অত্যন্ত শুভ ফল কঢ়িয়াই আনিব আপৰে বৃষ ৰাশিৰ জাতকৰ বাবে৷ ষড়ষ্টক যোগৰ শুভ প্ৰভাৱত ২০২৫ চনৰ শেষত সকলো দিশৰ পৰাই সৌভাগ্য লাভ কৰিব৷ আদালতত কোনো গোচৰ চলিলে তাত জয়লাভ কৰিব আপুনি৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ বহু শক্তিশালী হব৷ সন্তানৰ দিশৰ পৰা শুভ খবৰ পাব পাৰে৷ কেৰিয়াৰত ডাঙৰ সাফল্য লাভ কৰাৰ যোগ আছে৷
কন্যা ৰাশিত ষড়ষ্টক যোগৰ প্ৰভাৱ
বৃশ্চিক ৰাশিত ষড়ষ্টক যোগৰ প্রভাৱ
মকৰ ৰাশিত ষড়ষ্টক যোগৰ প্রভাৱ
জ্যোতিষ গণনাই কৈছে ষড়ষ্টক যোগ লাভজনক হ’ব মকৰ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ সামাজিক প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বাঢ়িব৷ পৰিয়ালত সুখ, শান্তি আৰু সমৃদ্ধি বিৰাজ কৰিব৷ নতুন কোনো সূত্ৰৰ পৰা অতিৰিক্ত উপাৰ্জন কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ প্ৰেমৰ সম্পৰ্কত মাধুৰ্য বাঢ়িব৷ পাৰিবাৰিক আৰু ব্যক্তিগত সম্পৰ্কসমূহ উন্নত হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















