শ্বাহৰুখৰ সৈতে হিট ছবি কৰিয়ো অভিনয়ক চিৰ বিদায় দিয়া অভিনেত্ৰী এতিয়া ৪৪২৫০ কোটি টকাৰ মালিক
বলীউড মানেই মায়া। মায়া মানেই হঠাৎ অহা খ্যাতি হঠাৎ বলীউড জগতৰ পৰা নাইকিয়া হৈ যোৱা তাৰকা। বহু প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰী বলীউডলৈ আহিছে, যিয়ে মাত্ৰ কেইখনমান ছবিৰে নিশাটোৰ ভিতৰতে খ্যাতি অৰ্জন কৰিছিল। কিন্তু তাৰেই বহুতে অভিনয়ক চিৰ বিদায় দি অন্য জীৱন যাপন কৰি আছে।
তেনেই এগৰাকী অভিনেত্ৰী যিয়ে বলীউড কিং শ্বাহৰুখ খানৰ সৈতে ছবি কৰিছে। তাকো হিট ছবি। যি চিনেমাত শ্বাহৰুখৰ লগতে অভিনেত্ৰীগৰাকীৰো সাৱলিল অভিনয়ৰ প্ৰসংশা কৰা হৈছিল। নিশাটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল সেই অভিনেত্ৰী।
কিন্তু সেই এখন ছবি কৰিয়ে বলীউড তথা অভিনয়ক চিৰ বিদায় দিলে অভিনেত্ৰী গায়ত্ৰী যোশীয়ে। অপৰিসীম প্ৰতিভাৰ সত্ত্বেও তেওঁ উদ্যোগটোৰ পৰা মাত্ৰ এখন ছবিৰ অন্তত অভিনয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
শ্বাহৰুখ খানৰ সৈতে ‘স্বদেশ’ চিনেমা কৰাৰ পিছত গায়ত্ৰী যোশীয়ে অভিনয় ত্যাগ কৰি ২০০৫ চনত অবেৰয় কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰী বিকাশ অবেৰয়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত তেওঁ অভিনয়ৰ পৰা অৱসৰ লয়।
বিকাশ হৈছে ৪৫০ বিলিয়ন টকাৰ মালিক। কেৱল এয়াই নহয়, ফৰ্বছৰ ২০২৩ চনৰ প্ৰতিবেদন অনুসৰি গায়ত্ৰী যোশীৰ স্বামী আছিল ৬৫ সংখ্যক ধনী ভাৰতীয়। তেওঁৰ পাইলটৰ অনুজ্ঞাপত্ৰও আছে। বৰ্তমানে গায়ত্ৰীৰ নামত আছে ৪৪২৫০ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ