জ্যোতিষশাস্ত্ৰ অনুসৰি শনিদেৱ হৈছে কৰ্মফলদাতা৷ আৰু এই শনিদেৱৰ কৃপাত বহু ৰাশিৰ জাতক জাতিকাৰ ভাগ্যত উন্নতিৰ ৰেখা স্পষ্ট হয়৷ আকৌ শনিদেৱৰ কোপদৃষ্টি পৰিলে বহু ৰাশিৰ জাতৰ জাতিকাৰ জীৱনলৈ প্ৰত্যাহ্বান আহে৷ এই মুহূৰ্তত কুম্ভ ৰাশিত অস্ত গৈছে শনিদেৱ৷ আৰু শীঘ্ৰেই মীন ৰাশিত উদিত হব৷ তাৰফলত বহু ৰাশিয়ে লাভৰ মুখ দেখিব৷ শনি উদয়ৰ ফলত কোন কোন ৰাশিৰ লাভ হব? জানি থওক কেতিয়া উদয় হব শনিদেৱ?
কৰ্কট ৰাশি
আধ্যাত্মিক দিশৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব৷ শনিৰ উদিত অৱস্থাৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ এই সময়ত জাতক জাতিকাই সকলো ক্ষেত্ৰতে অপাৰ সাফল্য লাভ কৰিব৷ পঢ়ুৱৈসকলে এই সময়ত উন্নতি কৰিব৷ উচ্চশিক্ষা সম্পন্ন কৰাৰ সপোন পূৰণ হব৷ জীৱনলৈ সুখ শান্তি আহিব৷ পৰিয়ালৰ সৈতে শুভ সময় কটাব৷ পাৰ্টনাৰৰ সৈতে ভাল সহযোগিতামূলক কাম কৰিব৷ সকলো কামতে সংগীৰ সহায় পাব৷ দাম্পত্য জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰিব৷ পৈতৃক সম্পত্তি পাব পাৰে৷ আপোনাৰ মনত আত্মবিশ্বাস হু হুকৈ বাঢ়িব৷ ধন সম্পত্তিৰ বৃদ্ধি হব পাৰে৷
কন্যা ৰাশি
যি কাম বহু দিন ধৰি সম্পন্ন হোৱা নাই সেই কাম এইবাৰ সম্পন্ন হব পাৰে৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷ কেৰিয়াৰৰ দিশত বিভিন্ন অফাৰ আহিব৷ ব্যৱসায়ত কোনো বিৰোধ থাকিলে সেয়া দূৰ হব৷ পেছাগত জীৱনত আপোনাৰ মান সন্মান বৃদ্ধি পাব পাৰে৷ আত্মবিশ্বাস তুংগত থাকিব এই ৰাশিৰ জাতক জাতিকাৰ৷ আপুনি পঢ়াশুনাৰ দিশৰ পৰা উন্নতি কৰিব৷
ধনু ৰাশি
শনিয়ে এই ৰাশিত চতুৰ্থভাৱে উদিত হব৷ আৰ্থিক পৰিস্থিতি এই সময়ত পূৰ্বতকৈ ভাল হব৷ বহু ক্ষেত্ৰত আপুনি সাফল্যৰ পথেৰে আগুৱাব৷ পৰিয়ালৰ কোনো ব্যৱসায়ত ভাল লাভ পাব৷ কেৰিয়াৰত পৰিশ্ৰমৰ ফল পাব৷
অস্ত অৱস্থাত কিছু দিনৰ ভিতৰতেই শনিয়ে মীনত প্ৰৱেশ কৰিব৷ আৰু ইয়াৰপাছতেই ৬ এপ্ৰিলত শনিয়ে মীন ৰাশিত উদিত হব৷ বিহুৰ পূৰ্বে ভাগ্য উজ্বলিব এইকেইটা ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ