দুৰ্বৃত্ত গুলীত প্ৰাণ হেৰুওৱাৰ পিছতে প্ৰয়াত পাঞ্জাৱী শিল্পী সিদ্ধু মুছৱালাই লাভ কৰিছে এক গ্লোবেল সন্মান৷ প্ৰয়াত শিল্পীগৰাকীৰ ‘295’ গানটোৱে ‘বিলবৰ্ড গ্লোবেল ২০০ চাৰ্ট’ত স্থান লাভ কৰিছে৷
সিদ্ধু মুছৱালাৰ এই জনপ্ৰিয় গীতটোৱে ২০০ টা জনপ্ৰিয় গানৰ তালিকাত ১৫৪ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
তালিকাখনত স্থান লাভ কৰা খুব কম সংখ্যক ভাৰতীয় শিল্পীৰ ভিতৰত সিদ্ধু মুছৱালা হৈছে এজন৷ এই তালিকাত হেৰী ষ্টাইলছ, কেমিলা কেবেলো, জাষ্টিন বিবাৰ আৰু এলটন জনৰ বিশ্বৰ অতি জনপ্ৰিয় শিল্পীৰ গানেও স্থান লাভ কৰিছে আছে।
লগতে পঢ়ক টাটা গ্ৰুপৰ শ্বেয়াৰত বাম্পাৰ লাভৰ সুযোগ! লাভ উঠাবলৈ শীঘ্ৰেই ক্ৰয় কৰক এই শ্বেয়াৰ
‘ৱান ডিজিটেল এণ্টাৰটেইনমেণ্ট’ৰ সহ-প্ৰতিষ্ঠাপক আৰু চিঅ’অ’ গুৰপ্ৰীত সিং ভাছিনে ইনষ্টাগ্ৰামত মুছেৱালাৰ অনুৰাগীসকলৰ বাবে এটা আপডেটত এই সন্মান লাভৰ বিষয়টো শ্বেয়াৰ কৰে।
২৮ বছৰীয়া পাঞ্জাৱী গায়কগৰাকীক ২৯ মে’ত মানচা জিলাৰ জৱাহাৰকে গাঁৱত দুৰ্বত্তই গুলীয়াই হত্যা কৰিছিল। তেওঁৰ কৰুণ মৃত্যুৰ পিছৰে পৰা তেওঁৰ গানবোৰ ট্ৰেণ্ডিং হৈ আছে।
ইয়াৰ পূৰ্বেও সিদ্ধু মুছেৱালাৰ কেইটামান গান ‘বিলবৰ্ড গ্লোবেল এক্সচিএল ইউএছ’ত তালিকাভুক্ত হৈছিল য’ত – ‘দ্য লাষ্ট ৰাইড’ ১১৩ সংখ্যক ‘295’ ১৬২ সংখ্যক আৰু ‘লেভেলছ’ ১৯৫ সংখ্যক স্থানত লাভ কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ