অসম লাইভ ২৪ঃ আজি সোমবাৰ। হিন্দু ধর্মৰ বাবে এটা পবিত্ৰ দিন। আজিৰ দিনটোত আৰাধনা কৰা হয় শিৱক। ধর্মীয় বিশ্বাস অনুসৰি সোমবাৰে শিৱক আৰাধনা কৰিলে লাভ কৰে সুফল। সেয়ে অনেকেই সোমবাৰৰ দিনটোত ব্ৰত ৰাখে। আজিৰ দিনটোত এনেদৰে শিৱক আৰাধনা কৰিলে লাভ কৰিব সুফল।
১) ধর্মীয় ৰীতি অনুসৰি আজিৰ দিনটোত দৈ, বগা কাপোৰ আৰু চেনি দান কৰিলে সুফলপ্ৰাপ্ত হয়।
২) সোমবাৰৰ দিনটোত শিৱৰ কৱচ পাঠ কৰিলে দৰিদ্ৰতা দূৰ হয়।
৩) সোমবাৰৰ বিয়লি শিৱক ধ্যান কৰি কেঁচা চাউল আৰু ক’লা তিল মিলাই দান কৰিলে আর্থিক সমস্যা দূৰ হয়।
৪) কোনো ব্যক্তিৰ কুণ্ডলীত চন্দ্ৰৰ দোষ থাকিলে সোমবাৰৰ দিনটোত চন্দনৰ তিলক লগাই শুভ্ৰ বস্ত্ৰ ধাৰণ কৰিব লাগে।
৫) সোমবাৰে শিৱ পূজাত চন্দন, গাখীৰ, ধতুৰা ফুল, গংগাজল আৰু বেলপাত দি পূজা-অর্চনা কৰিলে শিৱ সোনকালে সন্তুষ্ট হয়।
৬) সোমবাৰে শিৱক ভোগ দি আৰতি কৰিলে সুখ-শান্তি বিৰাজ কৰে।
৭) সোমবাৰে সন্ধিয়া শিৱ পূজাৰ বাবে উত্তম সময়। ধর্মীয় বিশ্বাস অনুসৰি সেই সময়ছোৱাত শিৱপূজা কৰিলে মনোবাঞ্ছা পূৰণ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ