অসম লাইভ ২৪ঃ ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিবাহ বিচ্ছেদক লৈ বিগত দিনকেইটাত অব্যাহত আছে চৰ্চা। চৰ্চাৰ মাজতেই প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া দাঙি ধৰিছে ছোৱেইব মালিকে। এটা বিশেষ টুইট কৰিছে ছোৱেইবে। টুইটটো দেখা মাত্ৰকেই নেটিজেনে কৈছে তালাক ফাইনেল।
টুইটত ছোৱেইবে লিখিছে, ‘নতুন দিন নতুন চেলেঞ্জ। আনন্দেৰে জনাও যে ২০২৩ চনত পাকিস্তান ছুপাৰ লিগ কৰাচি কিংছৰ হৈ খেলিম। পোছোৱাৰ জালমিৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তই মই মনত ৰাখিম। এইবাৰ আৰু নতুনকৈ আৰম্ভ হ’ব সকলো।’
ছোৱেইবৰ টুইটৰ পৰা এইটোৱেই পৰিষ্কাৰ হয় যে তেওঁ পাকিস্তানৰ ছুপাৰ লীগ নতুন দলৰ হৈ খেলিব। কিন্তু ছানিয়াৰ সৈতে বিবাহ বিচ্ছেদক লৈ কোনোধৰণৰ মন্তব্য কৰা নাই পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে। ইতিমধ্যে পাকিস্তানৰ এটা টেলিভিছন চেনেলত প্ৰকাশ পোৱা অনুযায়ী আইনী মেৰপেছ কিছু আছে যাৰ বাবে এইসম্পৰ্কে দুয়োৱেই কোনো মন্তব্য দিয়া নাই। ছানিয়া-ছোৱেইবে টেলিভিছনৰ বহুকেইটা অনুষ্ঠানৰ সৈতে চুক্তিবদ্ধও হৈ আছে। এই পৰিস্থিতিত বিবাহ বিচ্ছেদ ঘোষণা কৰিলে আইনী সমস্যাৰ সন্মুখীন হ’ব দুয়োৱে। এইসমূহ বিজ্ঞাপনেৰে থকা চুক্তি শেষ হ’লেই দুয়োৱে বিচ্ছেদৰ কথা ঘোষণা কৰিব বুলিও উল্লেখ কৰিছে পাকিস্তানৰ বিশেষ টেলিভিছন চেনেলটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















