গৰমে দহিছে দেশ৷ দেশৰ কোনো কোনো অঞ্চলত তাপমাত্ৰাই ৫০ডিগ্ৰী অতিক্ৰমো কৰিছে৷ গৰমৰ পৰা মুক্তি পাবলৈ বহুতেই এতিয়া ঘৰত এচি বা এয়াৰ কণ্ডিচনৰ ব্যৱস্থা কৰিছে৷ চহৰাঞ্চলৰ বেছিভাগ লোকেই ঘৰত এচিৰ ব্যৱহাৰ কৰে৷ গৰম সহ্যৰ ক্ষমতা কম থকাসকলে দিনে ৰাতিয়ে এচি চলাই থাকে৷ এই বছৰ গৰমৰ বাবে এচি অন ৰখা বহু ঘৰতেই এচি ব্লাষ্ট হোৱাৰ খবৰো আহিছে৷ বহু ঠাইত আকৌ এচিতেই জুই লাগিছে৷ বিগত সপ্তাহত নয়ডাৰ পৰা আহিছিল এচি ব্লাষ্টৰ এটা খবৰ৷ তেনেকৈ বিভিন্ন স্থানত এতিয়া এচি বিস্ফোৰণ প্ৰায়েই হ’ব ধৰিছে৷
আপোনাৰ ঘৰতো এচি আছে যদি এতিয়াৰ পৰাই সাৱধান হওক৷ এই ধৰণৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পাবৰ বাবে ঘৰত থকা এচিটো সম্পৰ্কে কিছু জ্ঞান অৰ্জন কৰক৷ নিজৰ অলপমান ভুলৰ বাবেই আপোনাৰ ঘৰতো তেনে ঘটনা ঘটিব পাৰে৷ বিশেষজ্ঞই জনোৱা অনুসৰি মেকানিকেল ফেইলাৰৰ বাবেই প্ৰধানকৈ এচি ব্লাষ্ট হয়৷ ইয়াৰোপৰি এচি বিস্ফোৰণ ঘটাৰ একাধিক কাৰণ আছে৷ ঘৰত এচি থাকিলে সেয়ে ইয়াৰ কিছু যত্ন লোৱাটোও জৰুৰী৷
এয়াৰ কণ্ডিছনাৰৰ এয়াৰ ফিল্টাৰ নিয়মিতভাৱে পৰিবৰ্তন কৰক৷ পুৰণি হৈ যোৱা এয়াৰ ফিল্টাৰে এয়াৰ ফ্লোত বাধাৰ সৃষ্টি কৰে৷ সেয়ে নিয়মিতভাৱে এয়াৰ ফিল্টাৰ পৰিষ্কাৰ কৰা উচিত৷
ইয়াৰোপৰি এচিৰ আউটডোৰ ইউনিটো নিৰ্দিষ্ট দিনৰ মূৰে মূৰে পৰিষ্কাৰ কৰি থকা উচিত৷ যাতে মলি জমা হৈ নপৰে৷ এচিৰ আশেপাশে কোনো সামগ্ৰী নাৰাখিব৷
এচিৰ এয়াৰফ্লো যাতে বাধাহীনভাৱে হ’ব পাৰে সেই বিষয়ত নজৰ ৰাখক৷
এচিৰ প্লাগৰ সৈতে কেতিয়াও এক্সটেনছন কৰ্ড ব্যৱহাৰ নকৰিব৷ এয়াৰ কণ্ডিচনৰ লোড থাকে বহু বেছি৷ এক্সটেনছন কৰ্ডে সকলোসময়তে এই লোড বহন কৰিব নোৱাৰে৷
ইয়াৰোপৰি বছৰত অন্তত দুবাৰ এচি চাৰ্ভিছিং কৰিব৷ টেকনিছিয়ানৰ পৰা পৰামৰ্শ লৈ কোনো সমস্যা থাকিলে দূৰ কৰাই লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ