অসম লাইভ২৪ঃ ২৬ বছৰ ধৰি মুখৰ ভিতৰত এজন ব্যক্তিয়ে লৈ আছিল এটা জলফাই গুটি৷ ২৬ বছৰ আগতেই ভাতৃ দ্বিতীয়াৰ দিনটোত ভনীয়েকে দিছিল এই বিশেষ জলফাইটো৷ প্ৰথম অৱস্থাত এনেদৰে বীজ মুখত ৰখাৰ অসুবিধা পাইছিল যদিও এতিয়া এয়া এক অভ্যসতেই পৰিণত হৈছে ব্যক্তিগৰাকীৰ৷ অন্য সময়ত বাদেই, নিশা শুৱাৰ সময়তো মুখত লৈ থাকে এই জলফাই গুটিটো৷
তেওঁ ভাতৃ দ্বিতীয়াৰ দিনটোত ভনীয়েকে দিয়া এই গুটিটো মুখত লৈ ফুৰা ব্যক্তিগৰাকী অশোকনগৰৰ কচুয়া অঞ্চলৰ বাসিন্দা৷ বিদ্যুত বিভাগত কৰ্মৰত ব্যক্তিগৰাকীৰ নাম হৈছে জয়দেৱ বিশ্বাস৷ ৬৮ বছৰীয়া জয়দেৱক ২৬ বছৰ পূৰ্বে ভনীয়েকে খাবলৈ দিছিল জলফাই আঁচাৰ৷ সেই আঁচাৰৰ গুটিটো তেওঁ কিমান দিন মুখত ৰাখইব পাৰিব বুলি সুধিছিল ভগ্নীয়ে৷ তেতিয়া তেৱোঁ ক’লে যে চেলেঞ্জ পাক্কা৷ কিন্তু নিয়তিৰ পৰিহাস খণ্ডাৱ কোনে? ২০১২ চনৰ ২৪ জানুৱাৰী তাৰিখে ভগ্নীয়ে আত্মহত্যা কৰে৷
ভনীয়েকৰ মৃত্যুৰ পাছতেই তেওঁৰ ভনীয়েকক দিয়া সেই কথা চেলেঞ্জৰ সলনি ভনীয়েকক মনত কঢ়িওৱাৰ এক অচিলাও হৈ পৰিল৷ তেতিয়াৰে পৰা এনেদৰেই আছে জয়দেৱ৷ এইক্ষেত্ৰত জয়দেৱে কয় যে, ‘মই মোৰ ভন্টীৰ এই স্মৃতিৰে গোটেই জীৱন জীয়াই থাকিব বিচাৰো।’ এতিয়া জয়দেৱে মুখত লৈ গুটিটো চাবৰ বাবেই তেওঁ ঘৰলৈ বিভিন্ন লোকে সদায়ে ভিৰ কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ