অসম লাইভ২৪ঃ বুকুত কৃত্ৰিম হৃদপিণ্ড অৰ্থাৎ পেছমেকাৰ লৈ শৱ সৎকাৰৰ কাম কৰি আহিছে তেওঁ৷ এদিন দুদিন নহয় ২০১০ চনৰ পৰা অৰ্থাৎ ১২ বছৰে তেওঁ কৰি আহিছে এই কাম৷ আমাৰ সমাজ ব্যৱস্থাত যদিও মহিলা চণ্ডাল নাথাকে এই ব্যতিক্ৰমতা দেখা যায় আমাৰ অসমৰে এখন বিশেষ শ্মশানত৷ নৱগ্ৰহ শ্মশানলৈ যদি গৈছে তেন্তে নিশ্চয়কৈ সকলোৰে চকুত পৰে এগৰাকী বিশেষ মহিলাক৷ এই বিশেষ মহিলাগৰাকী হৈছে ধৃতিমালা ডেকা৷ তেওঁ কেৱল চণ্ডালেই নহয় ৰাজনৈতিকভাৱেও তেওঁ সক্ৰিয় এগৰাকী মহিলা৷
মহিলাই আজিও আমাৰ সমাজত শ্মশানলৈ নাযায় তেনে সময়তে ধৃতিমালাই দেখুওৱাইছে বিশেষ নিদৰ্শন৷ ধৃতিমালাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়,‘মহিলাই কৰিব নোৱাৰাৰ কি আছে? কামৰ জানো ভাগ আছে? মৃত্যুটো চিৰসত্য৷ আমি সকলোৱে এই বাস্তৱৰ মুখামুখি হওঁৱেই তেন্তে এই কামত মহিলা কিয় পিছপৰি থাকিব লাগে? বৰ্তমানলৈ মই ২০০ ৰো অধিক শৱ দাহ কাৰ্যত অংশ লৈছো৷ ২০১০ চনতেই মই এই যাত্ৰা আৰম্ভ কৰিছো যদিও ২০১৬ চনৰ পৰা মই সক্ৰিয়ভাৱে এই কাম কৰি আছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ