আচৰিত! ৪০০০ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইল, কিন্তু এটা দাগো নপৰে মোবাইলটোত
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই আচৰিত কৰি তুলিছে বহুতো লোকক। কিয়নো এটা সাধাৰণ মোবাইল ফোন বহু হাজাৰ উচ্চতাৰ পৰা পেলাই দিয়াৰ পাছতো অকনো বেয়া নহয় মোবাইল ফোনটো। ফোনটোত কতো অকনমান ক্ৰেছ নপৰে।
যি ভিডিঅ’ই এতিয়া একপ্ৰকাৰৰ খলকনি তুলিছে সামাজিক মাধ্যমত। এজন লোকৰ অশাৱধানবশত ৪ হাজাৰ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইলটো, পাছত সম্পূৰ্ণ ঠিক অৱস্থাত উদ্ধাৰ কৰে মোবাইলটো।
এই ফোনটো কোনো নজনা কোম্পানী নহয়, বৰঞ্চ আপোনাৰ মোৰ একেবাৰে পৰিচিত কোম্পানী ছেমচাং। এই কোম্পানীৰে Samsung Galaxy S24 Ultra মডেল এই মোবাইলটো।
যি কোম্পানীটোৰ আটাইতকৈ দামী ফোন। ইয়াৰ বজাৰ মূল্য লাখৰো অধিক। নিৰ্মাণৰ মানদণ্ডৰ ক্ষেত্ৰত ই যথেষ্ট উৎকৃষ্ট। ইয়াৰ ডিছপ্লেত গৰিলা গ্লাছৰ এটা সুৰক্ষামূলক স্তৰ প্ৰদান কৰা হৈছে।
স্কাইডাইভিং কৰি থাকোঁতে ফ্ৰেংক নামৰ এজন লোকৰ পকেটৰ পৰা ফোনটো ওলাই পৰে আৰু তললৈ সৰি পৰে। ফোনটো পৰাৰ সময়ত ইয়াৰ উচ্চতা আছিল ৪০০০ মিটাৰ।
পাছত লোকজনে তললৈ আহি গুগলৰ লাইভ লোকেচনৰ জৰিয়তে মোবাইলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ