অসম লাইভ২৪ঃ ৪ অক্টোবৰত বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ। মহালয়া আৰু সৰ্বপিতৃ অমাবস্যাৰ দিনাই সূৰ্যগ্ৰহণ। জ্যোতিষ ধাৰণা অনুসৰি গ্ৰহণৰ সময়ত সূৰ্যক ৰাহুৱে গ্ৰাস কৰে। সেয়ে দিনৰ ভাগতেই অন্ধকাৰ নামি আহে। শাস্ত্ৰ অনুসৰি সূৰ্য গ্ৰহণৰ সময়ত নেতিবাচক শক্তিৰ প্ৰভাৱ বহুগুণে বাঢ়ি যায়। ফলক এই অশুভ শক্তিয়ে শুভ শক্তিক গ্ৰাস কৰে। আনহাতে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ কেইবাটাও কাৰণত পৃথক। গণনা অনুযায়ী ১৭৮ বছৰৰ পাছত মহালয়াৰ দিনাই সূৰ্যগ্ৰহণ। জ্যোতিষ শাস্ত্ৰই জনোৱা অনুসৰি এই বছৰৰ সূৰ্যগ্ৰহণ কেইবাটাও ৰাশিৰ বাবে অত্যন্ত অশুভ। তেওঁলোকৰ জীৱনত নেতিবাচক শক্তিৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পাব। গ্ৰহণৰ সময়ৰ পৰা এদিন পাছলৈকে এইকেইটা ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো খুবেই প্ৰয়োজন।
মেষ ৰাশি
সূৰ্য গ্ৰহণৰ প্ৰভাৱত পেছাগত জীৱনত সমস্যাই দেখা দিব পাৰে। কাৰ্যালয়ত শত্ৰুসকলে আপোনাৰ পৰাভূত কৰাৰ যত্ন কৰিব। সহকৰ্মীৰ বাবেই সমস্যাত সোমাই পৰিব পাৰে মেষ ৰাশিৰ জাতকসকল। সন্তানৰ পঢ়াশুনা আৰু পৰিয়ালৰ কাম-কাজত অৰ্থ ব্যয় হ’ব। অপ্ৰয়োজনীয় ব্যয় নকৰিব। ব্যয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰ্থিক পৰিস্থিতি অৱনমিত হ’ব। পৰিশ্ৰমৰ সঠিক ফল লাভ নকৰিব।
বৃষ ৰাশি
এই ৰাশিৰ জাতকসকলৰ বাবে এই বছৰৰ শেষ সূৰ্যগ্ৰহণে অশুভ পৰিণতি কঢ়িয়াই আনিব বৃষ ৰাশিৰ জাতকলৈকো। বৃষ ৰাশিৰ জাতকসকল আৰ্থিক লোকচান, মানহানীৰ সন্মুখীন হ’ব। এই ৰাশিৰ জাতকক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে জ্যোতিষ শাস্ত্ৰত। ভাৱিচিন্তি কাম কৰক নহলে সমস্যা বহুগুণে বৃদ্ধি পোৱাৰ সম্ভাৱনা।
সিংহ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি সিংহ ৰাশিৰ জাতকৰ বাবেও এই বছৰৰ সূৰ্য গ্ৰহণে বেয়া প্ৰভাৱ কঢ়িয়াই আনিব। জীৱনত একাধিক সমস্যা আহিব। অশুভ সংবাদ পাব পাৰে। মানসিক দিশত একাধিক অশান্তিয়ে দেখা দিব। গ্ৰহণৰ নেতিবাচক প্ৰভাৱৰ কাৰণে আপোনাৰ ব্যয় বৃদ্ধি পাব। এই সময়ত লোকচানৰ সম্ভাৱনা প্ৰৱল। আৰ্থিক লেনদেনৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজন।
কন্যা ৰাশি
এই ৰাশিতেই সূৰ্যগ্ৰহণ হ’ব। আপুনি একাধিক চেলেঞ্জৰ মোকাবিলা কৰিব লাগিব। এই সময়ত মানসিক অৱসাদ বৃদ্ধি পাব। যাৰ ফলত কামত প্ৰভাৱ পৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্কত বিভেদ সৃষ্টি হ’ব পাৰে। বন্ধুত্বতো ফাট মেলাৰ সম্ভাৱনা। বিবাদ এৰাই চলাটোৱেই আপোনাৰ বাবে মংগল।
তুলা ৰাশি
জ্যোতিষ গণনা অনুসৰি তুলা ৰাশিৰ জাতকৰ বাবে এই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ অত্যন্ত অশুভ। আপোনাৰ মনলৈ অযথা অৱসাদৰ ভাৱ আহিব। যাৰফলত কোনো কামতেই মনোনিৱেশ কৰিব নোৱাৰিব। বিবাদ এৰাই চলক। এই সময়ত বিবাদ এৰাই নচলিলে সমস্যাৰ মুখামুখি হ’ব। ভাৱিচিন্তিহে যিকোনো কথা ক’ব। ঈশ্বৰভক্তিত মনোনিৱেশ কৰিলে লাভাম্বিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ