১৯ বছৰত ১০জনী কন্যা সন্তানৰ পাছত এটি পুত্ৰ সন্তান লাভ কৰিবলৈ সক্ষম হৈছে হাৰিয়ানাৰ এক দম্পতিয়ে৷ ফাতেহবাদ জিলাৰ ভুনা ব্লকৰ ভোজৰাজ গাওঁত এই ঘটনা৷ এটি পুত্ৰ সন্তান লাভৰ আশাৰে একাদশবাৰ গৰ্ভৱতী হৈছে সুনীতা৷ ঢানি ভোজৰাজৰ বাসিন্দা সঞ্জয় আৰু তেওঁৰ পত্নী সুনীতাই ১৯ বছৰ ধৰি এটি পুত্ৰ সন্তানৰ বাবে খুবেই আশাৰে ৰৈ থকাৰ কথাও জনাইছে৷
বিবাহৰ পাছৰে পৰাই তেওঁলোকে এক পুত্ৰ সন্তান বিচাৰিছিল৷ কিন্তু প্ৰতিবাৰেই তেওঁলোকৰ কন্যা সন্তানেই জন্ম হয়৷ একোতেই সন্তুষ্ট হোৱা নাছিল দম্পতি৷ সঞ্জয়ে কৈছে, তেওঁ কন্যা সন্তান জন্ম হ’লেও অৱশ্যে কন্যা কেইগৰাকীকো লৰাৰ দৰেই ডাঙৰ দীঘল কৰিছে৷ কন্যাকেইগৰাকীক কোনোদিনো বোজা অনুভৱ কৰা নাই৷ আৰ্থিক সীমাবদ্ধতা থকা সত্ত্বেও সঞ্জয় আৰু সুনীতাই তেওঁলোকৰ কন্যাসকলক শিক্ষা আৰু লালন পালন যিমানেই সম্ভৱ আৰামদায়ক কৰাৰ চেষ্টা কৰিছে৷ গাওঁবাসীয়ে কৈছে, সঞ্জয়ৰ পৰিয়ালে সকলোসময়তে সাধাৰণ জীৱনযাপন কৰে৷ সীমিত সম্পদ থকা সত্ত্বেও, কন্যাসকলক মূল্যবোধ, শিক্ষা আৰু আত্মসন্মান প্ৰদান কৰে৷ সেই কাৰণেই এই পৰিবাৰৰ এলেকাটোৰ উদাহৰণ হিচাপেও বহুজনে লয়৷
একাদশতম সন্তানৰ পাছত পুত্ৰ সন্তানৰ জন্ম
সঞ্জয়ে জনাইছে উন্নত চিকিৎসা নিশ্চিত কৰাৰ বাবে তেওঁ পত্নীক ঘৰৰ পৰা প্ৰায় ৫০ কিঃমিঃ দূৰৈৰ এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰাইছিল৷ তাতেই সন্তান প্ৰসৱ কৰিছে পত্নী৷ জন্মৰ সময়ত নৱজাতকটিয়ে ৰক্তাল্পতাত ভূগিছিল বুলিও জনাইছে চিকিৎসকে৷ চিকিৎসকে শিশুটিক পাৰ্যমানে চিকিৎসাও প্ৰদান কৰিছে৷ বৰ্তমান মাতৃ আৰু শিশু দুয়োজনে সুস্থ বুলিও জনাইছে চিকিৎসকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















