ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ এটাৰ পাছত আনটো পৰ্দা ফাঁচ৷ মেঘালয় আৰক্ষীৰ অপাৰেছনত এই ঘটনাত জড়িত আটাইকেইগৰাকীকেই ধৰিছে আৰক্ষীয়ে৷ মেঘালয় আৰক্ষীৰ মূল দলত ২০ জন সদস্য আছিল যিয়ে ৰাজা ৰঘুবংশী হত্যাৰ গোচৰৰ তদন্তত নিযুক্ত আছিল৷ ইন্দোৰৰ আৰক্ষীয়েও হত্যাৰ গোচৰৰ তদন্তত সহযোগিতা কৰিছিল৷ ৭জুনত যেতিয়া SIT টিমত তিনি অভিযুক্তৰ প্ৰফাইল পৰীক্ষা কৰে৷ তাতেই ঘটনাৰ ১০ কিঃমিঃ আগত তিনি অভিযুক্তৰ সৈতে সোনমক দেখা গৈছে৷ সোনমৰ সন্মুখতেই ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল বুলিও তথ্যত প্ৰকাশ পাইছে৷
২১ মেত অভিযুক্তসকলে গুৱাহাটীলৈ আহি তাৰপৰা আকৌ মেঘালয়লৈ গৈ সোনমৰ হোম ষ্টেৰ কাষতেই এক হোটেল লৈছিল৷ ২৩ মে ত অপৰাধ কৰাৰ পাছত আকৌ গুৱাহাটীলৈ উভতি আহে৷ সোনমেও ২৩ মেত ট্ৰেনত উঠি গুৱাহাটীৰ পৰা ইন্দোৰলৈ যাত্ৰা কৰে৷ ২৫ মেত ইন্দোৰত উপস্থিত হৈ তাৰপৰা প্ৰেমিক ৰাজ কুশৱাহাক লগ ধৰে৷ ৰাজৰ সৈতে ইন্দোৰৰ এটা ভাড়া ঘৰত এদিন কটাই দুয়ো৷ তাৰপাছতেই এজন ড্ৰাইভাৰে তেওঁক বেনাৰসত নমাই দিয়ে৷ বেনাৰসৰ পৰা সোনম আহে গাজীপুৰলৈ৷ হত্যাৰ পাছতেই সোনম আৰু তেওঁৰ প্ৰেমিক ৰাজৰ মাজত বিভিন্ন বাৰ্তালাপৰ স্থিৰচিত্ৰও পোৱা গৈছে৷ শ্বিলং আৰক্ষীয়ে প্ৰায় ৪২ টা চিচিটিভি ফুটেজ লাভ কৰিছে৷ অভিযুক্তসকলে গুৱাহাটীৰ হোটেলৰ বাহিৰৰ এখন দোকানৰ পৰা অস্ত্ৰ ক্ৰয় কৰিছিল৷ অভিযুক্তই ট্ৰেইনত গুৱাহাটীলৈ আহিছিল৷ আৰক্ষীয়ে জনাইছে যে সোনমে তেওঁৰ স্বামীক হত্যাৰ প্লেনিং লৈয়েই আনিছিল৷
পূৰ্বেই কৰা হৈছিল এই হত্যাকাণ্ডৰ প্লেনিং৷ বিয়াৰ ১০ দিনৰ পাছত হত্যাৰ পৰিকল্পনা কৰা হৈছিল৷ নববিবাহিত কাপলে নিজৰ কোনো ছবি তোলা নাছিল তাতেই আৰক্ষীৰ সন্দেহ হৈছিল৷ তাৰপিছতেই সোনমৰ সামাজিক মাধ্যম একাউণ্টত দিয়া এটা পোষ্টে সন্দেহ আৰু বঢ়াই দিয়ে আৰক্ষীৰ৷ হত্যাকাণ্ডটো হৈছিল দুপৰীয়া ২.১৫মিনিটত৷ তাৰপিছতেই তেওঁ পোষ্ট লিখিছিল- সাত জনমৰ বাবে একেলগে থকাৰ প্ৰতিশ্ৰুতি!
হত্যা কৰাৰ পাছত ১১ কিঃমিঃ দূৰৈত অভিযুক্তসকল আকৌ বাৰ্তালাপত মিলিত হৈছিল৷ ৩ আৰু ৪ জুনত আৰক্ষীয়ে জনাব পাৰে যে সোনম হত্যাৰ সৈতে জড়িত৷ ঘটনাস্থলত হত্যাকাৰী আকাশৰ চাৰ্ট এটাও পোৱা গৈছে৷ সোনমে নিজৰ ৰেইনকোট আকাশক দিছিল যি ৰেইনকোট ঘটনাস্থলৰ পৰা ৬ কিঃমিঃ দূৰৈত পোৱা গৈছে৷ তদন্তক ভুল পথেৰে পৰিচালিত কৰিবৰ বাবেই এইবোৰ কৰিছিল৷ যেতিয়া অভিযুক্ত আনন্দ কুৰ্মিক ধৰা হয় তেতিয়াও আনন্দই হত্যা কৰাৰ সময়ত পৰিধান কৰি থকা পোছাকেই পিন্ধি আছিল৷
মেঘালয় আৰক্ষীয়ে ৫০ কিঃমিঃ এলেকাৰ চিচিটিভি ফুটেজ স্কেন কৰিছে৷ ৰাজা আৰু সোনমক যি চিচিটিভি ফুটেজত দেখা গৈছে সেই ফুটেজত চাৰিওফালে তিনিটা লৰাকো দেখা গৈছে৷ আৰক্ষীয়ে এলেকাৰ সমস্ত সক্ৰিয় নম্বৰ পৰীক্ষা কৰিছে৷ ইন্দোৰৰ তিনিটা নম্বৰ একটিভ পোৱা গৈছিল এই তদন্তত৷ তাৰপিছতেই সোনমে দেওবাৰে মাজনিশা আত্মসমৰ্পণ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ