হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক’লে- ‘মোৰ ভগ্নী অপৰাধী’
সোনমে অৱশেষত স্বীকাৰ কৰিলে সকলো। স্বামী ৰাজা ৰঘূবংশীৰ হত্যাত জড়িত আছিল সোনম। সোনমৰ এই কথা জানিব পৰাৰ পাছতে ৰাজাৰ মাতৃৰ কাষত উপস্থিত হয় সোনমৰ ভাতৃ। কান্দি কান্দি নিজৰ ভগ্নীৰ কথা কয় ৰাজাৰ মাতৃৰ আগত। ভগ্নীৰ দোষৰ বাবে নিজে ক্ষমা বিচাৰে সোনমৰ ভাতৃয়ে।
লগতে ভগ্নীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ কথাও উল্লেখ কৰা ৰাজাৰ মাতৃৰ আগত। সোনম ভাতৃ গোবিন্দ ৰঘূবংশীয়ে ৰাজাৰ মাতৃৰ আগত কয়- মোৰ ভগ্নী অপৰাধী। মই নিজেও সোনৰ বিৰুদ্ধে গোচৰ দিম।
প্ৰথম দেখাৰ লগে লগে ৰাজাৰ মাতৃৰ লগতে সোনৰ ভাতৃয়েও কান্দি উঠে। ৰাজাৰ মাতৃয়ে কয়- এই অপৰাধ সোনমে কৰিছে, সোনমৰ পৰিয়ালে নহয়। এই ঘটনাত গোবিন্দৰ কোনো ভুল নাই, ই মোৰ পুত্ৰৰ দৰেই। গোবিন্দই নিজে ভাতৃ হৈয়ো ভগ্নীৰ বিৰুদ্ধে কেচ দিব।
ভাতৃ গোবিন্দই পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়- সোনমে এনে এক কাণ্ড কৰিব বুলি তেঁওলোকে সপোনতো ভৱা নাছিল। হাঁহি হাঁহিয়ে বিয়াত বহিছিল। আনহাতে ৰাজ কুশৱাহৰ লগতো কোনোদিনে তেনে কোনো সম্পৰ্ক দেখা নাই। বৰঞ্চ ৰাজক ৰক্ষা বন্ধনত ৰাখী বান্ধা হে দেখিছে। ৰাজেও সদাই সোনমৰ দিদি দিদি সম্বোধন কৰা শুনিছে। সেয়ে সোনমে প্ৰকৃততে কি কাৰণত ৰাজাক হত্যা কৰিলে সেয়া আৰক্ষীৰ জেৰাতহে জানিব পৰা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















