বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে দেশবাসীৰ ওচৰত ক্ষমা ভিক্ষা কৰিছে৷ নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰি বলিউদৰ অভিনেতাগৰাকীয়ে এই ক্ষমা ভিক্ষা কৰিছে৷
কিয় বলিউদৰ তাৰকাগৰাকীয়ে ক্ষমা খুজিলে? আচলতে সামাজিক মাধ্যমত ক্ষুৰধাৰ ট্ৰলৰ সন্মুখীন হৈ তাৰকাগৰাকীয়ে ক্ষমা খুজিবলৈ বাধ্য হৈছে৷
অক্ষয় কুমাৰে বলিউদৰ আন দুই তাৰকাৰ সৈতে ধঁপাত-গুটখা কোম্পানীৰ বিমল ইলাচীৰ বিজ্ঞাপন কৰি সামাজিক মাধ্যমত তীব্ৰ ট্ৰলৰ সন্মুখীন হৈছে৷ সামাজিক মাধ্যমত বহুলোকে নিজৰ ফিটনেছত সদায় গুৰুত্ব দি অহা অভিনেতাগৰাকীয়ে গুটখাৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰ কৰা কাৰ্যৰ বাবে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে৷
লগতে পঢ়ক ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ
অৱশ্যে, কেৱল অক্ষয় কুমাৰেই নহয়, বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু একচন হিৰ’ অজয় দেৱগনো ট্ৰলৰ সন্মুখীন হৈছে৷ ইফালে দক্ষিণৰ ছুপাৰষ্টাৰ পুষ্পাখ্যাত আল্লু অৰ্জুনে গুটকা কোম্পানীৰ বিজ্ঞাপনৰ বাবে ৩ কোটি টকীয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পিছতে বলিউদৰ এই তিনি তাৰকাৰ সামাজিক সচেতনাবোধ শূণ্য বুলি সমালোচনাৰ সন্মুখীন হৈছে৷
এইদৰে ট্ৰলৰ সন্মুখীন হৈয়ে অক্ষয় কুমাৰে ক্ষমা খুজি কয় যে ‘‘মই ক্ষমা বিচাৰিছো৷’’
‘‘মোৰ সকলো শুভাকাংক্ষী, অনুৰাগীৰ ওচৰত মই ক্ষমা বিচাৰি দোষ স্বীকাৰ কৰিছো৷ যোৱা কিছুদিন ধৰি আপোনালোকৰ প্ৰতিক্ৰিয়াই মোক গভীৰভাৱে ৰেখাপাত কৰিছে৷ যদিও মই ধঁপাতৰ সমৰ্থন কৰা নাই আৰু নকৰো, মই বিমল ইলাচিৰ সৈতে মোৰ এই সহযোগিতাকলৈ আপোনালোকৰ মনত সৃষ্টি হোৱা অনুভূতিক মই সন্মান কৰিছো। অতি নম্ৰতাৰে মই ইয়াৰ পৰা আঁতৰি যাম৷”
লগতে পঢ়ক ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ
ছুপাৰষ্টাৰগৰাকীয়ে লগতে কয় যে তেওঁ বিজ্ঞাপনৰ বাবে ধন লৈছে, সেয়ে প্ৰতিষ্ঠানটোৰ সৈতে থকা তেওঁৰ চুক্তিৰ আইনী ম্যাদ থকালৈকে বিজ্ঞাপনবোৰ সম্প্ৰচাৰ অব্যাহত ৰাখিব পাৰে৷
ভৱিষ্যতে তাৰকাগৰাকীয়ে এনে বিজ্ঞাপন বাছনিৰ ক্ষেত্ৰত সতৰ্কৰ হোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ অৱেশ্য প্ৰতিষ্ঠানটোৰ সৈতে তেওঁৰ চুক্তিৰ ম্যাদ কিমান দিনলৈ আছে সেয়া তাৰকাগৰাকীয়ে প্ৰকাশ কৰা নাই৷
আনহাতে, আন দুই তাৰকা ক্ৰমে শ্বাহৰুখ খান আৰু অজয় দেৱগনে ট্ৰলৰ সন্মুখীন হৈও এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ