ভাৰতে গাইডেড-মিছাইল ধ্বংসকাৰী আইএনএছ দিল্লীৰ পৰা ব্ৰহ্ম’ছ চুপাৰছনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। আইএনএছ দিল্লীত এটা উন্নীত মডুলাৰ লঞ্চাৰ ব্যৱহাৰ কৰি মিছাইলটোৰ এণ্টি-ছিপ ভেৰিয়েণ্টৰ পৰীক্ষা কৰা হয়।
ভাৰতীয় নৌসেনাই পৰীক্ষামূলক এটা ভিডিঅ’ৰ সৈতে টুইট কৰি কয় যে আইএনএছ দিল্লীৰ দ্বাৰা উন্নীত মডুলাৰ লঞ্চাৰৰ পৰা ব্ৰহ্ম’ছ সফল ভাৱে পৰীক্ষণ কৰা হৈছে৷
বুধবাৰে ব্ৰহ্ম’ছৰ বিষয়াসকলে সংবাদ সংস্থা এএনআইক কৈছিল যে মঙলবাৰে প্ৰায় ৩,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত নিক্ষেপ কৰা মিছাইলটোৱে (ৱাৰহেড অবিহনে) পৰিত্যক্ত জাহাজখনত আঘাত কৰি এটা ছিদ্ৰ সৃষ্টি কৰিছিল।
লগতে পঢ়ক জঘন্য! ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকী লোকৰ, ৭৪ গৰাকীক গ্ৰেপ্তাৰ
‘‘১৯ এপ্ৰিলত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আইএনএছ দিল্লীৰ দ্বাৰা ব্ৰহ্ম’ছ চুপাৰচনিক ক্ৰুজ মিছাইলৰ পৰীক্ষা কৰা হৈছিল। ৱাৰহেড অবিহনে মিছাইলে পৰিত্যক্ত জাহাজখনত আঘাত কৰি এটা ছিদ্ৰৰ সৃষ্টি কৰে। মিছাইলটোৱে প্ৰতি ঘণ্টাত প্ৰায় ৩,০০০ কিলোমিটাৰ গতিবেগত লক্ষ্য স্থানত আঘাত কৰে,’’ বিষয়াসকলে কয়।
ইফালে মঙলবাৰে ইয়াৰ কাৰিকৰী দক্ষতা তথা প্ৰস্তুতি প্ৰদৰ্শন কৰি ভাৰতীয় বায়ু সেনাই একেখন জাহাজত পূৱ সাগৰৰ পাৰত থকা চুখ’ই যুঁজাৰু জেটৰ পৰা ব্ৰহ্ম’ছ চুপাৰছনিক ক্ৰুজ মিছাইল এটা সফলতাৰে পৰীক্ষা কৰে।
মিছাইলটোৱে নিৰ্ভুল আৰু নিখুঁতভাৱে লক্ষ্যস্থানত আঘাত কৰা বুলিও বিষয়াসকলে প্ৰকাশ কৰিছে। মিছাইলটোৱে পোনপটীয়াকৈ আঘাত কৰাৰ পিছত জাহাজখন ডুব গৈছিল।
লগতে পঢ়ক গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?
২০১৬ চনত ভাৰত চৰকাৰে ব্ৰহ্ম’ছৰ বায়ু-উৎক্ষেপিত সংস্কৰণটোক ৪০ খনতকৈও অধিক চুখ’ই যুঁজাৰু বিমানৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছিল। এই প্ৰকল্পটো সাগৰ বা ভূমিৰ যিকোনো লক্ষ্যত বৃহৎ ষ্টেণ্ড-অফ ৰেঞ্জৰ পৰা আক্ৰমণ কৰিব পৰাকৈ ইয়াৰ সামৰ্থ্য বৃদ্ধি কৰা হৈছিল।
যোৱা ৫ মাৰ্চত ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰৰ এটা ষ্টিল্থ ডেষ্ট্ৰোয়াৰৰ পৰা ব্ৰহ্ম’ছ চুপাৰছনিক ক্ৰুজ মিছাইলৰ এটা উন্নত সংস্কৰণ সফলতাৰে পৰীক্ষা কৰিছিল। মিছাইলটো ষ্টিল্থ ডেষ্ট্ৰোয়াৰ আইএনএছ চেন্নাইৰ পৰা নিক্ষেপ কৰা হৈছিল।
ভাৰত-ৰাছিয়াৰ যুটীয়া উদ্যোগ ব্ৰহ্ম’ছ এৰোস্পেচে চুপাৰছনিক ক্ৰুজ মিছাইল প্ৰস্তুত কৰিছে যিটোক চাবমেৰিন, জাহাজ, বিমান বা স্থলৰ পৰাও উৎক্ষেপণ কৰিব পাৰি।
মিছাইলটোৰ উন্নত সংস্কৰণটোক ২৯০ কিলোমিটাৰ দূৰত্বৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যস্থানক আঘাত কৰিব পৰাকৈ সম্প্ৰসাৰিত কৰা বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ