দক্ষিণ কোৰিয়াত বিধ্বংসী বনজুই, আগুৰি ধৰিছে জনাঞ্চললৈ, ২৬ গৰাকীয়ে হেৰুৱালে প্ৰাণ
দক্ষিণ কোৰিয়াৰ দক্ষিণ-পূব অঞ্চলত বনজুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে কঠোৰ পৰিশ্ৰম কৰি আছে। এই অগ্নিকাণ্ডত বৰ্তমানলৈ কমেও ২৪ জন লোকৰ মৃত্যু হৈছে। প্ৰচণ্ড বতাহ আৰু শুকান বতৰৰ বাবে অধিক অঞ্চললৈ বিয়পি পৰিছে জুই।
অগ্নিকাণ্ডৰ বিৰুদ্ধে যুঁজি দিবলৈ বহু কেইখন অগ্নিনিৰ্বাপক হেলিকপ্টাৰ, ৫ হাজাৰ জোৱান আৰু প্ৰায় ৫৬০ টা সঁজুলি নিয়োগ কৰা হৈছে। বিগত শুকুৰবাৰে দক্ষিণ গিয়ংছাং প্ৰদেশৰ ছানচেয়ং কাউন্টিত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত বনাঞ্চলকে ধৰি সমগ্ৰ উত্তৰ-পূব অঞ্চলত বিয়পি পৰিছে।
আন্দোং, চেয়ংছং, ইয়ংইয়াং আৰু ইয়ংডেকত বিয়পি পৰিছে এই অগ্নিকাণ্ড। কেন্দ্ৰীয় দুৰ্যোগ আৰু সুৰক্ষা প্ৰতিহত মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি এই অগ্নিকাণ্ডত বৰ্তমানলৈ ২৪ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে ২০ জন উইচয়ঙত আৰু ৪ জন ছানচেয়ঙত।
বতাহৰ দিশৰ হঠাৎ পৰিৱৰ্তন সন্দৰ্ভত মানুহক সাৱধান হ’বলৈ আহ্বান জনাইছে বিষয়াসকলে। ইউচেং বন্য অগ্নিকাণ্ড প্ৰথমে পূব দিশলৈ বিয়পি পৰিছিল যদিও তাৰ পিছত দক্ষিণ আৰু দক্ষিণ-পশ্চিমলৈ বিয়পি পৰে।
ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হান ডাক-ছুৱে মাৰাত্মক বনাঞ্চলৰ জুই আৰু অধিক বিয়পি পৰাত বাধা দিবলৈ সকলো সম্ভৱপৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে। লগতে এই বনাঞ্চলক এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ বনজুই বুলি অভিহিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ