• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

1 month ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

40 minutes ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

52 minutes ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

2 hours ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

10 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

10 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

11 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

13 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

13 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

14 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

15 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনক সমালোচনা কৰিও স্পেইনক ট্ৰফী দিবলৈ বাধ্য ট্ৰাম্প!

editor by editor
July 20, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, ৰাজনীতি
0
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেলত স্পেইনে ডিফেণ্ডিং চেম্পিয়ন আর্জেণ্টিনাক পৰাস্ত কৰি খিতাপ দখল কৰে। কিন্তু স্পেইনৰ এই জয়ক কেৱল এখন টুৰ্ণামেণ্টৰ খিতাপ জয়তেই সীমাবদ্ধ নাৰাখি, আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ দৃষ্টিৰেও চাবলৈ আৰম্ভ কৰিছে আন্তঃৰাষ্ট্ৰীয় কূটনীতিবিদসকলে। আর্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জাভিয়েৰ মাইলেইৰে মুকলিকৈ ইজৰাইলক সমৰ্থন কৰাৰ বিপৰীতে স্পেইনৰ ফিলিষ্টাইন তথা ইৰানক সমৰ্থন কৰা বিভিন্ন নীতিৰ বাবে বহু বিশ্লেষকে ফিফা বিশ্বকাপৰ এই ফলাফলক আমেৰিকা আৰু ইজৰাইলৰ বাবে এক কূটনৈতিক আঘাত হিচাপে ব্যাখ্যা কৰিছে।

নেতান্যায়াহুৰ আর্জেণ্টিনাক মুকলি সৰ্মথন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি বচা বচা বিশ্বনেতালৈ স্বাভাৱিকতে ফিফা বিশ্বকাপৰ ফাইনেলৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি থাকে। ইয়াৰ ব্যতিক্ৰম নাছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুও। নেতান্যায়াহুৱে মুকলিভাৱেই মেচখনৰ পূৰ্বে আর্জেণ্টিনাক সমৰ্থন জনাইছিল। ইয়াৰ বিভিন্ন কাৰণৰ ভিতৰত মূল কাৰণ আছিল, আর্জেণ্টিনাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জাভিয়েৰ মাইলেই আমেৰিকা আৰু ইজৰাইলৰ ঘনিষ্ঠ সমৰ্থক। আনহাতে, স্পেইন চৰকাৰে দীৰ্ঘদিন ধৰি ইজৰাইলৰ নীতিৰ কঠোৰ সমালোচনা কৰি আহিছে। শেহতীয়াকৈ স্পেইনে ফিলিষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি দিছে আৰু গাজাত ইজৰাইলৰ সামৰিক অভিযানৰ তীব্ৰ বিৰোধিতা কৰিছে। সেয়ে ইজৰাইলে নিজৰ ঘনিষ্ঠ মিত্ৰ দেশ আর্জেণ্টিনাৰ জয় আশা কৰিছিল। কিন্তু নেতান্যায়াহুৰ সেই আশাত চেঁচাপানী ঢালি দুৰ্দান্ত প্ৰদৰ্শনেৰে ফিফা বিশ্বকাপত দ্বিতীয়বাৰলৈ চেম্পিয়ন হ’ল স্পেইন।

ইৰানৰ বিৰুদ্ধে সামৰিক আক্ৰমণৰ বিৰোধিতা

স্পেইনৰ অৱস্থান কেৱল ফিলিষ্টাইনৰ ক্ষেত্ৰতেই নহয়, ইৰানৰ বিষয়তো আমেৰিকা আৰু ইজৰাইলৰ নীতিৰ বিৰুদ্ধে আছিল স্পেইন। য’ত আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰু প্ৰয়োজন হ’লে সামৰিক ব্যৱস্থা গ্ৰহণৰ পক্ষে মত প্ৰকাশ কৰি আহিছে, ঠিক ইয়াৰ বিপৰীতে স্পেইনে সদায় যিকোনো সামৰিক আক্ৰমণৰ বিৰোধিতা কৰি মধ্যপ্ৰাচ্যত শান্তি আৰু কূটনৈতিক আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। স্পেইনৰ এই স্বতন্ত্ৰ নীতিয়ে বহু সময়ত আমেৰিকাৰ সৈতে মতভেদৰ সৃষ্টি কৰিছে।

স্পেইনক সমালোচনা কৰিও ট্ৰফী প্ৰদান কৰিবলৈ বাধ্য ট্ৰাম্প!

সকলোৱে জানে যে মেক্সিকো আৰু কানাডাৰ লগতে চলিত বিশ্বকাপৰ আয়োজনৰ মূল দায়িত্ব লাভ কৰিছিল আমেৰিকাই। ড’নাল্ড ট্ৰাম্পে বিভিন্ন সময়ত স্পেইনৰ বাওঁপন্থী নীতি, মধ্যপ্ৰাচ্য সম্পৰ্কীয় অৱস্থান আৰু নেটো (NATO)ৰ বাজেট বিষয়ত স্পেইনৰ সমালোচনা কৰিছিল। কিন্তু আয়োজক দেশৰ প্ৰতিনিধি হিচাপে ট্ৰাম্পে অৱশেষত নিজৰ মাটিতেই স্পেইনৰ অধিনায়ক ৰদ্ৰিৰ হাতত বিশ্বকাপৰ ট্ৰফী তুলি দিবলগীয়া হয়। বহু বিশ্লেষকৰ মতে, এই দৃশ্যই এক ধৰণৰ কূটনৈতিক অস্বস্তিৰ প্ৰতীক হিচাপে ধৰা দিছিল। সেইবাবে, এই ফাইনেলখন কেৱল দুটা শক্তিশালী ফুটবল দলৰ মাজৰ প্ৰতিযোগিতা হিচাপে নহয়, বৰঞ্চ ভিন্ন ৰাজনৈতিক দৃষ্টিভংগী আৰু কূটনৈতিক অৱস্থানৰ এক প্ৰতীকী সংঘাত হিচাপেও বহুতে মূল্যায়ন কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cupSpainTrump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?
ভাৰত

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

August 31, 2026
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা
বিশ্ব

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

August 31, 2026
Next Post
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.