কনটেণ্টৰ নামত এতিয়াৰে পৰা যি মন যায় তাকেই কৰিব নোৱাৰিব৷ ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণত এই কথা স্পষ্টকৈ জনোৱা হৈছে৷ কনটেণ্ট তৈয়াৰৰ নামেৰে বাকস্বাধীনতাক আৰু ৰক্ষাকৱচ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ইনফ্লুয়েন্সাৰে৷ সোমবাৰে এই কথা জনাইছে ছুপ্ৰিম কৰ্টে৷
ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ মানে যিয়ে নিজৰ বক্তৱ্যৰ বাণিজ্যিকীকৰণ কৰাৰ চেষ্টা কৰে৷ ফলত এতিয়াৰে পৰা কোনো কনটেণ্ট যদি নিষিদ্ধ বক্তৃতাৰ আওঁতাত আহে সেইক্ষেত্ৰত দেশৰ বাকস্বাধীনতাৰ অধিকাৰক অস্ত্ৰ কৰিব নোৱাৰিব বুলি জনাই দিছে শীৰ্ষ আদালতে৷
ৰণবীৰ এলাহবাদিয়াৰ এক অনলাইন অনুষ্ঠানক লৈ বিতৰ্ক আৰম্ভ হৈছিল৷ সমগ্ৰ দেশত সেই ঘটনাক লৈ সমালোচনাও হৈছিল৷ ক্ষমাও খুজিছিল ৰণবীৰ এলাহবাদিয়াই৷ ইয়াৰ পাছতেই গোচৰ পায়গৈ ছুপ্ৰিম কৰ্ট৷ সময় ৰায়না, বিপুল গয়াল, বলৰাজ পৰমজিৎ সিংহ ঘাই, সোনালী ঠাকুৰ আৰু নিশান্তজগদীশ তনোৱাৰৰ নামো জড়িত হৈ পৰিছিল এই ঘটনাৰ সৈতে৷ শীৰ্ষ আদালতৰ ওচৰত ইতিমধ্যেই ক্ষমাও খুজিছে এইসকল ইউটিউবাৰে৷ সোমবাৰে এই সমগ্ৰ ঘটনাক লৈ পৰ্যবেক্ষণ স্পষ্ট কৰিছে ছুপ্ৰিম কৰ্টে৷ পাঁচগৰাকী ইউটিউবাৰক ছুপ্ৰিম কৰ্টে জনাই দিছে যে তেওঁলোকে সাধাৰণ মানুহৰ ওচৰতো ক্ষমা খুজিব লাগিব৷
অনলাইনত বক্তব্য ৰখাৰ বাবে গাইডলাইনো আছে৷ ইতিমধ্যেই এই গাইডলাইন জনাই দিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে৷ অনলাইনত কোনে কি বক্তব্য ৰাখিব তাৰ সৈতে বাকস্বাধীনতাৰ বিষয়টো সোমাই আছে৷ ফলত এই বিষয়টো খুবেই সংবেদনশীল হিচাপে ধৰিছে শীৰ্ষ আদালতে৷ শীৰ্ষ আদালতে বিষয়টো পৰ্যবেক্ষণ কৰি জনাই দিছে যে অনলাইন কনটেণ্ট তৈয়াৰৰ নামত বিশেষভাৱে সক্ষম ব্যক্তিক লৈয়ো কোনো ধেমালি কৰিব নোৱাৰিব৷ কাৰণ এই বিষয়টোৱে সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ