আৰ চি বিৰ ভিক্টৰী পেৰেডৰ পূৰ্বে ভয়াৱহ কাণ্ড, ৭ নিহত ৫০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা
কালি নিশা আৰ চি বিৰ বিজয়ৰ পাছতে সমগ্ৰ দেশতে আই চি বি অনুৰাগীৰ বিজয় উল্লাহ দেখিবলৈ পোৱা যায়। পাছে বেংগালুৰু এই ক্ষেত্ৰত কিছু অধিক ফুৰ্তি কৰা দেখা যায়। পাছে সেই বিজয় উল্লাহ আজি শোক সাগৰত পৰিণত।
বাংগালুৰু বিজয় দল যেতিয়া বাংগালুৰুত উপস্থিত হয় , তেতিয়া বাংগালুৰুৰ হাজাৰ হাজাৰ লোকে বিজয়ী দলটোক চাবলৈ ভিৰ কৰে। ১৮ বছৰৰ পাছত জয়ী হোৱাৰ ফলত যেন এই বিজয় উল্লাহ কিছু অধিক বৃদ্ধ পায়।
যাৰ ফলত হাজাৰ হাজাৰ লোকে দলটোক চাবলৈ ভিৰ কৰে বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়াম। কাৰণ সেই ষ্টেডিয়ামৰ পাৰই আৰম্ভ হোৱাৰ কথা আছিল ভিক্টৰি পেৰেডেৰ। যাৰ বাবে সকলোৱে গেটেৰে ষ্টিডিয়ামৰ ভিতৰ সোমাবলৈ চেষ্টা কৰোতেই লাগি যায় অথন্তৰ। দলটোৰ ভিক্টৰী পেৰেড আৰম্ভ হোৱাৰ পূৰ্বে মৃত্যুৰ পেৰেডলৈ ৰূপান্তৰ হয় সকলো।
পদপৃষ্ট হৈ অকাল মৃত্যুক আঁকোৱালী লয় আৰ চি বিৰ ৭ গৰাকীকৈ অনুৰাগীয়ে। ইয়াৰ বাহিৰে আন ৫০ গৰাকীমান লোক কম বেছি পৰিমানে আহত হয়। যাৰ ফলত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে।
মৃত্যু হোৱা ৭ লোকৰ ভিতৰত ২গৰাকী মহিলা বুলি জানিব পৰা গৈছে। আনহাতে সংকট জনক অৱস্থাত কেইবাগৰাকী লোকক হাস্পতালত ভৰ্তি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















