মন কৰিলেই চন, বাকৰি মাটিতে ধন৷ আপুনি নভবাকৈয়ে জীৱনত বিভিন্ন সময়ত এনে বহু সুযোগ আহে যাৰ জৰিয়তে কষ্ট নকৰাকৈয়ে টকা উপাৰ্জনৰ কৰিব পাৰি৷ তেনেদৰেই বহু সময় থিয় হৈ থাকিব পৰাটোও উপাৰ্জনৰ এটা সুযোগ হ’ব পাৰে৷ কেৱল লাইনৰ থিয় হৈ থাকিয়েই উপাৰ্জন কৰিব পাৰি মোটা অংকৰ ধন৷ বিভিন্ন সময়ত আমি জৰুৰী কামৰ বাবে বেংক অথবা এনেধৰণৰ ঠাইত বহু দেৰিলৈকে লাইনত থিয় হৈ থকাটো আমাৰ বাবে নতুন কথা নহয়৷ এনেদৰে থিয় হৈ থকাটো অস্বস্তিকৰ যদিও আমাৰ বাবে ই এক অভ্যাসত পৰিণত হৈছে৷ কিন্তু এনেদৰে থিয় হৈ থাকিবলৈও ধৈৰ্য লাগিব ব্যক্তিৰ৷ কিন্তু ইও এক উপাৰ্জনৰ উৎস হ’ব পাৰে আপোনাৰ বাবে৷ লণ্ডনৰ এজন যুৱকে এনেদৰেই টকা উপাৰ্জন কৰে লাইনত থিয় হৈ৷ প্ৰতিঘণ্টাত উপাৰ্জন কৰে ১৬ হাজাৰ টকা পৰ্যন্ত৷ তেওঁ এগৰাকী পেছাদাৰী ৱেটাৰ৷ বহু বছৰ ধৰি ফ্ৰেডি বেকিট নামৰ ব্যক্তিগৰাকীয়ে কৰিছে এই কাম৷

যিসকল লোকৰ হাতত টকা আছে, কিন্তু সময় নাই তেনেলোকসকলৰ বাবে এনেদৰেই লাইনত অপেক্ষা কৰি টকা উপাৰ্জন কৰে ৩১ বছৰীয়া ফ্ৰেডি বেকিটে৷ কেৱল তিনি ঘণ্টা কাম কৰে ফ্ৰেডিয়ে৷ যেতিয়া গ্ৰীষ্মৰ বতৰত লণ্ডনত প্ৰদৰ্শনী আদি আৰম্ভ হয় ততিয়া অধিক ব্যস্ত থাকে ফ্ৰেডি বেকিট৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















