পুনৰ চৰ্চালৈ আহিছে বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ এখন ফটো৷ যিখন ফটোত অমিতাভ বচ্চনে এখন বিশেষ মাস্ক পিন্ধি আছে৷ যেতিয়াই অমিতাভ বচ্চনে এই মাস্কখন পৰিধান কৰে তেতিয়াই চৰ্চালৈ আহে৷ লকডাউনৰ সময়ৰ পৰাই অমিতাভ বচ্চনে এই মাস্কখন পিন্ধি আহিছে৷ যিখন মাস্কে সকলোৰে চকু আকৰ্ষণ কৰিছে পূৰ্বতেই৷ মাস্কখনৰ নাম পেঙ্গোলিন৷ এই পেঙ্গোলিন মাস্ক সাধাৰণ মাস্কতকৈ বহুত বেলেগ৷
এতিয়া হয়টো আপুনি ভাৱিছে মাস্কখনৰ বিশেষত্ব কি? যাৰ বাবে বিগ বি অমিতাভ বচ্চনে এই মাস্কখন পিন্ধিলেই চৰ্চালৈ আহে৷ কিছুু সংখ্যক মাস্ক পিন্ধিলে আমাৰ উশাহ-নিশাহ লোৱাত কষ্ট হয় নহয়নে? কিন্তু এই পেঙ্গোলিন মাস্ক পিন্ধিৰ উশাহ লোৱা সহজ৷ মাস্কখন পিন্ধাৰ পাছত শ্বাস-প্ৰশ্বাসৰ কোনো সমস্যাৰ সন্মুখীন নহয় লোকজন। ইয়াৰ উপৰিও পেঙ্গোলিন মাস্ক আৰামদায়ক আৰু লগতে ই সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰে।অমিতাভ বচ্চনে পিন্ধা মাস্কখনৰ দাম কিমান জানেনে আপুনি? এই মাস্কখনৰ মূল্য প্ৰায় ২,৫০০ টকা।
এতিয়া জানো আহক পেঙ্গোলিন মাস্কৰ আন আন বিশেষত্বসমুহ-
– মাস্কখনত বায়ু চলাচলৰ বাবে এটা বক্ৰ ডিজাইন আছে যাতে উশাহ লোৱাত কোনো অসুবিধা নহয়।
– ইয়াত এটা হেম্প আধাৰিত ফিল্টাৰ আছে।
– কাষ্টম ডিজাইন থকাৰ বাবে বহুসময় মাস্কখন পিন্ধিলেও কাণৰ বিষ নহয়, ই আৰামদায়ক।
– পেঙ্গোলিন মাস্কত লগোৱা ফিল্টাৰবোৰে প্ৰদূষণ, বেক্টেৰিয়া আৰু অন্যান্য মাৰাত্মক বেক্টেৰিয়া আপোনাৰ ওচৰলৈ যোৱাত বাধা প্ৰদান কৰে।
– মাস্কখনত ভাল্ভ লগোৱা আছে যাৰ বাবে উশাহ লোৱা অতি সহজ আৰু উশাহ লোৱাৰ সময়ত বাহিৰৰ আন বীজাণু আহিব নোৱাৰে।
– ই কৰোনাৰ পৰা সুৰক্ষা দিয়াত অত্যন্ত কাৰ্যকৰী কিয়নো আন মাস্ক পিন্ধাৰ পিছত কাষত ই খোল খায় নাখাকে।
– পেঙ্গোলিন মাস্কৰ কাপোৰ উচ্চ প্ৰিমিয়াম মানদণ্ডৰ যাতে আপুনি ইয়াক ঘন্টাৰ পিছত ঘণ্টা ধৰি একেৰাহে পিন্ধি থাকিব পাৰে।
– আন মাস্ক পিন্ধাৰ পাছত চশমা পিন্ধিলে ধুৱলীকুঁৱলী হোৱাৰ হোৱাৰ দৰে এই মাস্ক পিন্ধাৰ পাছত তেনে সমস্যাৰ সন্মুখীন নহয়। ।
– পেঙ্গোলিন মাস্ক পিন্ধিলে আপোনাক ক’ৰনাৰ পৰা সুৰক্ষিত কৰাৰ লগতে আপোনাৰ কাম সুচাৰুৰূপে কৰাত সহায় কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ