শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড ষ্টীভ স্মিথৰ
ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি মহাৰেকৰ্ড গঢ়িলে অষ্ট্ৰেলিয়াৰ ষ্টীভ স্মিথে। টেষ্ট ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিলে ষ্টিভ স্মিথে। শ্ৰীলংকা ভ্ৰমণত অষ্ট্ৰেলিয়া দলৰ অধিনায়কত্ব কৰা স্মিথে প্ৰথমখন টেষ্ট মেচৰ প্ৰথম দিনাই মাথো এক ৰান সংগ্ৰহ কৰিয়ে টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰে।
অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা দুখন মেচৰ শৃংখলাৰ প্ৰথমখন টেষ্টত তেওঁ এই কৃতিত্ব অৰ্জন কৰে। এই টেষ্টৰ পূৰ্বে স্মিথক এই পৰ্যায়ত উপনীত হ’বলৈ মাথো এক ৰানৰ প্ৰয়োজন আছিল। সেই এক ৰানেই লৈ টেষ্টত দহ হাজাৰ ৰান সম্পূৰ্ণ কৰে।
সোঁহতীয়া বেটছমেন ষ্টিভ স্মিথ বিশ্বৰ ১৫ সংখ্যক বেটছমেন আৰু টেষ্টত দহ হাজাৰ ৰান সংগ্ৰহ কৰা অষ্ট্ৰেলিয়াৰ চতুৰ্থ বেটছমেন হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে এলান বৰ্ডাৰ, ষ্টিভ ৱা আৰু ৰিকি পণ্টিঙে অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰানৰ ঘৰ স্পৰ্শ কৰিছিল।
পাছে এই ক্ষেত্ৰত ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ ৰেকৰ্ড ভংগ কৰি নিজৰ মহাৰেকৰ্ড গঢ়ে স্মিথে। শচীন টেণ্ডুলকাৰৰ মহান অভিলেখ ভংগ কৰি স্মিথে সৰ্বনিম্ন মেচত ১০ হাজাৰ টেষ্ট ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হয়।
এই তালিকাত প্ৰথম আছে-
ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ব্রায়ান লাৰা- ১১১ খন টেষ্ট খেলি ১০ হাজাৰ টেষ্ট ৰাণ কৰিছিল৷
দ্বিতীয়ত শ্ৰীলংকাৰ ছাংগাকাৰা। ১১৫খন টেষ্ট মেচত এই কৃতিত্ব অৰ্জন কৰিছিল কুমাৰ ছাংগাকাৰাই।
আনহাতে ভাৰতক শচীন তেণ্ডুলকাৰ আছিল এই তালিকাত তৃতীয়ত। ১২২খন টেষ্ট খেলি ১০ হাজাৰ ক্লাৱত প্ৰৱেশ কৰিছিল শচীনে।
কিন্তু এতিয়া স্মিথে ১১৫ সংখ্যক টেষ্ট মেচ খেলিয়ে ১০ হাজাৰ ৰানৰ ক্লাবত প্ৰৱেশ কৰাৰ লগতে শচীনক পিছ পেলাই নিজে ছাংগাকাৰাৰ সৈতে দ্বিতীয়লৈ উন্নীত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ