শৰীৰৰ ক’ত ক’ত হ’ব পাৰে পাথৰ, কিদৰে জানিব ! পঢ়ক এই প্ৰতিবেদন-
আজিকালি পাথৰৰ সমস্যা একেবাৰে সাধাৰণ হৈ পৰিছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ শৰীৰত পানীৰ অভাৱ আৰু বেয়া জীৱনশৈলী তথা খাদ্যভাস। যেতিয়া শৰীৰত খনিজ পদাৰ্থ আৰু লৱণ জমা হৈ গোটা হৈ পৰে, তেতিয়া ইয়াক পাথৰ হোৱা বুলি কোৱা হয়। প্ৰায়ে মানুহে ভাবে যে পাথৰ কেৱল বৃক্ক বা পিত্তথলীতহে হয় কিন্তু সেয়া নহয়। শৰীৰৰ আন বহু অংশতো পাথৰৰ সমস্যা হ’ব পাৰে।
বৃক্ক
বেছিভাগ মানুহৰে কেৱল বৃক্কতে পাথৰ হোৱা বুলি শুনিবলৈ পোৱা যায়। যেতিয়া প্ৰস্ৰাৱত থকা খনিজ পদাৰ্থবোৰ জমা হৈ স্ফটিক গঠন হয় তেতিয়া ইয়াৰ ফলত বৃক্কত পাথৰ হয়। ইয়াৰ ফলত পেটৰ বিষ, বমি, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা আৰু দুৰ্বলতা আদি সমস্যাৰ সৃষ্টি কৰে।
পিত্তথলী (গোলব্লাডাৰ)
বৃক্কৰ উপৰিও পিত্তথলীত পাথৰ হোৱাৰ সমস্যাও দেখা যায়। ইয়াক পিত্তপাথৰ বুলিও কোৱা হয়। এই সমস্যাত পেটৰ ওপৰৰ অংশত তীব্ৰ বিষ হয়। ইয়াৰ উপৰিও কঁকালৰ বিষ, গেছ আৰু বমিৰ সমস্যাও দেখা যায়।
লালগ্ৰন্থীত পাথৰ
মুখৰ লালগ্ৰন্থিতো পাথৰ হ’ব পাৰে। খাদ্য খোৱাত অসুবিধা, ডিঙিত ফুলা আদি সমস্যাৰ সৃষ্টি হয়। পাথৰৰ সমস্যাটো নলীত দেখা দিয়ে য’ৰ পৰা লাল মুখলৈ যায়।
নাক
নাকতো পাথৰ হব পাৰে। এই সমস্যাত নাকত কঠিন গোট গঠন হয় যাৰ আকাৰ ৫ মিলিমিটাৰৰ পৰা ২০ মিলিমিটাৰলৈকে হয়। নাকত শ্লেষ্মা জমা হোৱাৰ বাবে এনে হয়। ইয়াৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা, নাক ফুলা আদি সমস্যাৰ সৃষ্টি হয়।
যোনি
যোনিত হোৱা পাথৰক কলেলিথিয়াছিছ বোলা হয়। এই সমস্যাত যোনিৰ বিষ, পেটৰ বিষ আদি সমস্যা থাকে। ইয়াৰ উপৰিও যদি কোনো মহিলাই যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত বিষ অনুভৱ কৰে তেন্তে ই যোনিত পাথৰ হোৱাৰ লক্ষণো।
প্ৰষ্টেটত পাথৰ
প্ৰষ্টেট গ্ৰন্থিতো পাথৰ হ’ব পাৰে। ইয়াত কেলচিয়ামৰ টুকুৰাবোৰ গ্ৰন্থিটোত জমা হয়, যাৰ আকাৰ ১ মিলিমিটাৰৰ পৰা ৫ মিলিমিটাৰলৈকে হ’ব পাৰে। প্ৰষ্টেট গ্ৰন্থিৰ যিকোনো পৰীক্ষা কৰিলে প্ৰষ্টেট গ্ৰন্থিৰ পাথৰ ধৰা পৰে কাৰণ বেছিভাগেই ইয়াত কোনো লক্ষণ দেখা নাযায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ