জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যক গ্ৰহৰ ৰজা বুলি কোৱা হয়৷ নিৰ্দিষ্ট সময়ৰ বিৰতিৰ অন্তৰে অন্তৰে সূৰ্যৰ গতিবিধি পৰিবৰ্তন হৈ থাকে৷ সূৰ্যই সময়ে ৰাশি পৰিবৰ্তন কৰিব পাৰে৷ সূৰ্য দেৱতা বৰ্তমান স্বাতী নক্ষত্ৰত অধিষ্ঠিত৷ জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি আজি ৬ নৱেম্বৰৰ পুৱা ৮বাজি ৫৬ মিনিটত সূৰ্যই স্বাতী নক্ষত্ৰৰ পৰা বিশাখা নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ যাৰ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত৷ বিশাখা নক্ষত্ৰৰ অধিপতি বৃহস্পতি৷ দেৱগুৰু বৃহস্পতিৰ নক্ষত্ৰত সূৰ্যই প্ৰৱেশ কৰাৰ ৪ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব৷ হাতৰ মুঠিত থাকিব উন্নতি-সাফল্যও৷ কাৰ কাৰ কঁপাল খুলিব?
মেষ ৰাশি
সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত সৌভাগ্যৰ দুৱাৰ খুলিব মেষ ৰাশিৰ৷ বাঢ়িব আত্মবিশ্বাস, আৰ্থিক অৱস্থাৰো উন্নতি হ’ব৷ কৰ্মজীৱনত সাফল্য পাব পাৰে৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলে বৃহৎ কোনো বিনিয়োগত লাভ পাব পাৰে৷ বহু দিন ধৰি ৰৈ থকা ধন এই সময়তে লাভ কৰিব৷ স্বামী-স্ত্ৰীৰ সম্পৰ্ক আৰু মজবুত হ’ব৷ স্বাস্থ্য ভালে থাকিব৷
সিংহ ৰাশি
বিশাখা নক্ষত্ৰত সূৰ্যৰ প্ৰবেশৰ সুফল পাব সিংহ ৰাশিৰ জাতকে৷ কৰ্মসূত্ৰে বাহিৰলৈ যাব পাৰে৷ পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ সমাজত যশ, খ্যাতি বঢ়াৰ সম্ভাৱনা আছে৷ বহুদিনীয়া মনৰ কোনো ইচ্ছা এই সময়ত পূৰণ হ’ব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷
বৃশ্চিক ৰাশি
সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন বৃশ্চিক ৰাশিৰ জাতকৰ বাবে লাভজনক হ’ব পাৰে৷ জীৱনৰ বেছ কিছু সমস্যাৰ সমাধান হ’ব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ বহু দিন কোনো ঋণৰ বোজা থাকিলে সেই বোজা দূৰ হ’ব৷ ঘৰ, বাহন কিনাৰ ইচ্ছা থাকিলে পূৰণ হ’ব৷ আয়-ব্যয়ৰ মাজত সামঞ্জস্য থকাত সঞ্চয় বাঢ়িব৷ নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময়৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ