কৰ্কট ৰাশিত সূৰ্যৰ গোচৰে জুলাই মাহত ৪ ৰাশিৰ জীৱনলৈ আনিব প্ৰেমৰ জোৱাৰ
জ্যোতিষৰ মতে সূৰ্য্য যেতিয়া এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰে তেতিয়া ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত বিভিন্ন ৰূপত দেখা যায়। ১৬ জুলাইত যেতিয়া সূৰ্য্য দেৱতাই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া এই ট্ৰেনজিটে কিছুমান ৰাশিৰ বাবে ব্যক্তিগত সম্পৰ্ক, পাৰিবাৰিক জীৱন আৰু প্ৰেমৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব। কোন কোন ৰাশিৰ বাবে সূৰ্যৰ স্থান সলনি লাভজনক-
মেষ ৰাশি
এই সময় হ’ব মেষ ৰাশিৰ লোকে পৰিয়ালক অগ্ৰাধিকাৰ দিয়াৰ সময়। পৰিয়ালত আৱেগিক বন্ধন বাঢ়িব। বিশেষকৈ মাতৃৰ পক্ষৰ লগত গভীৰ আৱেগিক বন্ধন গঢ় লৈ উঠিব। মাতৃৰ ফালৰ আত্মীয়ৰ পৰা মৰম আৰু সহায় লাভ কৰিব। এই সময়ছোৱাত ঘৰ সজাবলৈ বা পৰিয়ালৰ অনুষ্ঠানত ব্যস্ত থাকিব পাৰে।
বৃষ ৰাশি
বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৌতুহল আৰু শিক্ষণ ভাৱ বৃদ্ধি পাব। চাৰিওফালে ঘটি থকা পৰিঘটনাবোৰৰ বিষয়ে সজাগতা বৃদ্ধি পাব। ভাই-ভনীৰ সৈতে সম্পৰ্ক মজবুত হ’ব। যোগাযোগৰ দক্ষতা বৃদ্ধি পাব আৰু চিন্তাবোৰ স্পষ্টকৈ প্ৰকাশ কৰাৰ ক্ষমতাও বৃদ্ধি পাব। চুটি ভ্ৰমণৰ সম্ভাৱনাও থাকিব পাৰে।
মিথুন ৰাশি
সূৰ্যৰ এই ট্ৰেনজিটে মিথুন ৰাশিৰ লোকৰ পাৰিবাৰিক জীৱনত বিশেষ প্ৰভাৱ পেলাব। পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ বাঢ়িব, কিন্তু কথা-বতৰাত সংযম বজাই ৰখাটো প্ৰয়োজনীয় হ’ব। চিন্তা নকৰাকৈ কিবা এটা ক’লে সম্পৰ্কত বিভাজনৰ সৃষ্টি হ’ব পাৰে। আপোনাৰ কথা-বতৰা আৰু খং নিয়ন্ত্ৰণ কৰক, নহ’লে ঘনিষ্ঠ সম্পৰ্কত উত্তেজনা হ’ব পাৰে।
মকৰ ৰাশি
মকৰ ৰাশি জাতক জাতিকা সকলৰ বিবাহিত জীৱনত ধৈৰ্য্য আৰু বুজাবুজিৰ প্ৰয়োজন হব। পত্নীৰ পৰা আশা পূৰণ কৰাত অসুবিধা হ’ব পাৰে। যোগাযোগ বজাই ৰাখক আৰু ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হওক। বৈবাহিক জীৱনত সম্প্ৰীতি প্ৰতিষ্ঠা কৰাটো গুৰুত্বপূৰ্ণ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















