বৈদিক জ্যোতিষ অনুসৰি সূৰ্যই প্ৰতিটো ৰাশিত প্ৰায় এমাহ ধৰি অৱস্থান কৰে৷ জ্যোতিষ অনুসৰি সূৰ্যই এটা ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰিলেই নতুন মাহ আৰম্ভ হয়৷ ১৬ ছেপ্টেম্বৰত সূৰ্যই সিংহ ৰাশি এৰি কন্যা ৰাশিত গোচৰ কৰিছে৷ অৰ্থাৎ আৰম্ভ হৈছে ভাদ মাহ৷ কন্যা ৰাশিত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিব৷ কন্যা ৰাশিত সূৰ্য আহি ভাগ্য খুলিছে পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক কন্যা ৰাশিত সূৰ্যৰ গোচৰৰ প্ৰভাৱত কোন কোন ৰাশিৰ ভাগ্য খুলিব?
মেষ ৰাশি
সূৰ্যৰ গোচৰৰ প্ৰভাৱত লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ সূৰ্যৰ গোচৰৰ প্ৰভাৱত এই সময়ত কোনো সুখবৰ পাব পাৰে আপুনি৷ সন্তান সম্পৰ্কে থকা দুশ্চিন্তা এই সময়ত দূৰ হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলে উচ্চশিক্ষাৰ বাবে বিদেশলৈ যাব পাৰে৷ বিবাহিতসকলৰ সন্তানলাভৰ ইচ্ছা পূৰণ হ’ব৷ প্ৰেম জীৱনো ভাল হ’ব মেষ ৰাশিৰ জাতকৰ৷
মিথুন ৰাশি
সূৰ্যই কন্যা ৰাশিত প্ৰৱেশ কৰিলে তাৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতি উন্নত হ’ব মিথুন ৰাশিৰ জাতকৰ৷ উত্তৰাধিকাৰ সূত্ৰে প্ৰাপ্ত সম্পত্তি হৈ দীৰ্ঘদিন ধৰি কোনো সমস্যা চলি থাকিলে সেই সমস্যা দূৰ হ’ব৷ আদালতত কোনো গোচৰ চলিলে ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ বিনিয়োগৰ বাবে এই সময় ভাল৷ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷
কৰ্কট ৰাশি
সূৰ্যৰ গোচৰৰ প্ৰভাৱত আগন্তুক এমাহ ভাল সময় কটাব কৰ্কট ৰাশিৰ জাতকে৷ ইয়াৰ ফলত এই সময়ত প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব আপোনাৰ৷ কৰ্কট ৰাশিৰ জাতকৰ নীতি আদৰ্শবোধ উন্নত হ’ব৷ এই সময়ত আপুনি নিজৰ সকলো কাম সফলতাৰে সম্পন্ন কৰিব৷ নতুন কাম আৰম্ভ কৰিব পাৰে৷ পৰিশ্ৰম কৰিলে তাৰ সম্পূৰ্ণ সুফল পাব কৰ্কট ৰাশিৰ জাতকে৷ পিতৃৰ পৰা আৰ্থিক সুবিধাও পাব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিতেই গোচৰ কৰিছে সূৰ্যই৷ ইয়াৰ প্ৰভাৱত এই ৰাশিৰ জাতকৰ জীৱনত নানা দিশৰ পৰা উন্নতি হ’ব৷ চাকৰিত পদোন্নতি হোৱাৰ যোগ আছে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হ’ব কন্যা ৰাশিৰ জাতক৷ এই সময়ত কোনো বিদেশ যাত্ৰালৈ যাব পাৰে আপুনি৷ বিবাহিতসকলে শহুৰৰ ঘৰৰ পৰা আৰ্থিক লাভ পাব পাৰে৷ ব্যৱসায়ীক কোনো চুক্তি সাক্ষৰ কৰিব পাৰে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ সৌভাগ্যৰ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ইয়াৰ ফলত এই সময়ত সকলো কামতেই সৌভাগ্যক কাষত পাব আপুনি৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ তীৰ্থভ্ৰমণ কৰিব পাৰে৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে কম পৰিশ্ৰম কৰিয়েই ভাল লাভ কৰিব৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ